Category: Assam

কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু

কাতাৰৰ শক্তি খণ্ডৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃত্যুক সাৱটে ভাৰতীয়সহ কমেও ১৩ জন লোকে। দেওবাৰে ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটীৰ বাৰ্জান স্থানীয় গেছ যোগান কেন্দ্ৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত…

নীটত ভুৱা পৰীক্ষাৰ্থী চক্ৰৰ অভিযোগ! বিহাৰত গ্ৰেপ্তাৰ ৩০ জন, জড়িত চিকিৎসা শিক্ষাৰ্থীও

নীট পৰীক্ষাক কেন্দ্ৰ কৰি বিতৰ্ক যেন থমকিবই খোজা নাই। প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ বিহাৰত পোহৰলৈ আহিছে ভুৱা পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়াৰ এক কথিত জালিয়াতি…

ইৰানৰ শীৰ্ষ নিৰাপত্তা বিষয়াৰ সৈতে বৈঠক NSA অজিত ডোভালৰ; পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আলোচনা

পশ্চিম এছিয়াত ক্ৰমাৎ সলনি হোৱা নিৰাপত্তা পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰত আৰু ইৰান। নতুন দিল্লীত সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ইৰানৰ উচ্চপদস্থ নিৰাপত্তা বিষয়া গাদিৰ নেজামিপুৰৰ…

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কেইৰ ষ্টাৰমাৰৰ; নতুন নেতৃত্ব বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ লেবাৰ পাৰ্টিৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কেইৰ ষ্টাৰমাৰৰ। শেহতীয়া স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ হতাশাজনক ফলাফল, জনসমৰ্থন হ্ৰাস আৰু দলৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত অৱশেষত এই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী…

অসম ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ ইউৰোপীয় ইউনিয়নৰ; পৰ্যটন-নিবেশ বৃদ্ধিৰ আশা ৰাজ্য চৰকাৰৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ প্ৰতি আস্থা। অষ্ট্ৰেলিয়া আৰু জাপানৰ পিছত এইবাৰ অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ কৰিছে ইউৰোপীয় ইউনিয়নেও। এই সিদ্ধান্তই ৰাজ্যখনৰ পৰ্যটন, বাণিজ্য আৰু…

উত্তৰ-পূৰ্বাঞ্চলত এছআইভি আক্ৰান্তৰ শীৰ্ষত অসম; ৩৩ হাজাৰতকৈ অধিক লোক সংক্ৰমিত

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এছআইভি আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্যখনৰ এইছআইভি সংক্ৰমণৰ চিন্তাজনক ছবি। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অসমত সৰ্বাধিক ৩৩,১৪৫ গৰাকী লোক…

মাত্ৰ ১৫ দিন পূৰ্বে পাতনি মেলিছিল যুগ্ম জীৱনৰ! চাহ বাগিচাত ন-দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

অলেখ সপোন বুকুত বান্ধি মাত্ৰ ১৫ দিন পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল যুৱক-যুৱতীহালে। কিন্তু নতুন জীৱনৰ সপোনবোৰ সাকাৰ হোৱাৰ পূৰ্বেই দুয়োৰে মৃতদেহ একেলগে উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে…

ঢাকাত হিন্দু মহাজোঁটৰ প্ৰতিবাদ; ৰংপুৰত বাধা দিলে ৬৪ জিলাতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ আৰু উপাসনাস্থলক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰংপুৰ বিভাগৰ এটা ঘটনাই। গাইবান্ধা জিলাৰ পলাশবাৰীত নিৰ্মীয়মাণ ৰাম মন্দিৰৰ কামত…

হোমৱৰ্ক নকৰাৰ বাবে বিহা শাস্তিত মৃত্যু ছাত্ৰৰ! ১৬ বছৰৰ পিছত দুই শিক্ষকক ৭ বছৰৰ কাৰাদণ্ড

হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাতত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৌচুমৰাজ মহন্তৰ মৃত্যুৰ ঘটনাৰ ১৬ বছৰৰ পিছত ৰায়দান কৰিলে কামৰূপ সত্ৰ আদালতে। মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনৰ উপাধ্যক্ষ প্ৰসুন গোস্বামী আৰু কম্পিউটাৰ শিক্ষক…

চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় অসম কন্যা লাভলীনাৰ

আন্তঃৰাষ্ট্ৰীয় বক্সিংত পুনৰ সাফল্য অৰ্জন কৰিলে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি অলিম্পিক পদকজয়ী বক্সাৰগৰাকীয়ে নিজৰ বৰ্ণাঢ্য ক্ৰীড়া জীৱনত সংযোজন…