ৰাজ্যত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী তথা দেশবিৰোধী নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত বুধবাৰে পুৱতি নিশা সফলতা লাভ কৰিলে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে। পাকিস্তানস্থিত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত এজন ব্যক্তিক হাইলাকান্দি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে। জিলাখনৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত এছটিএফ আৰু হাইলাকান্দি জিলা আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। ধৃত অভিযুক্তজনক ২১ বছৰীয়া ফৈজল ইছলাম বৰভূঞা বুলি চিনাক্ত কৰা হৈছে। এই নতুন গ্ৰেপ্তাৰৰ লগে লগে উক্ত নেটৱৰ্কৰ সৈতে জড়িত হৈ ধৰা পৰা মুঠ লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। আৰক্ষীৰ এক বিবৃতিত প্ৰকাশ পাইছে যে এছটিএফ থানাৰ ০৬/২০২৬ নম্বৰৰ গোচৰটোৰ অধীনত ধৃত বৰভূঞা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল। পূৰ্বে গ্ৰেপ্তাৰ হোৱা সদস্যসকলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলায় অনুসন্ধানকাৰী দলে। ধৃত লোকজনৰ জিম্মাৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ আৰু সামগ্ৰী জব্দ কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে এছটিএফে ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ পৰা এই নেটৱৰ্কৰ আন তিনিজন সদস্যক আটক কৰিছিল। পাকিস্তানস্থিত চক্ৰটোৰ সৈতে ফৈজল ইছলামৰ কি ভূমিকা আছিল আৰু ইয়াৰ সৈতে আন কোনো সহযোগী জড়িত হৈ আছে নেকি, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation শুভেন্দু অধিকাৰীৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হ’ব দুৰ্গাপূজা মণ্ডপ অসম-মেঘালয় সংঘাতত পৰ্যটন খণ্ডৰ ১০০ শতাংশ ক্ষতি! ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ দিয়াৰ ঘোষণা শ্বিলঙৰ