ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ ইংৰাজী কোৱাৰ শৈলীক লৈ সামাজিক মাধ্যমত শ্লেষাত্মক মন্তব্য প্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী তথা সাংসদ কঙ্গনা ৰাণাৱটে। দীপকে আৰু নিজৰ ইংৰাজী ভাষণৰ এটা তুলনামূলক ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ভাষাগত দক্ষতাক সমালোচনা কৰে। নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভাইৰেল ভিডিঅ’ ৰিপ’ষ্ট কৰিছিল বিজেপি সাংসদগৰাকীয়ে, য’ত দীপকে আৰু কঙ্গনাই ৰাজহুৱা স্থানত ইংৰাজী কোৱাৰ পৃথক পৃথক দৃশ্য সংযোগ কৰা হৈছিল। শৈক্ষিক পটভূমিৰ তুলনা কৰি ভিডিঅ’টোত লিখা আছিল, “দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কঙ্গনা ৰাণাৱট বনাম বষ্টন বিশ্ববিদ্যালয়ৰ চিজেপি নেতা দীপকেৰ ইংৰাজীৰ স্তৰঃ এগৰাকীৰ অগনিসদৃশ আৰু আনগৰাকীক ৰিবুটৰ প্ৰয়োজন।” কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাত নিজৰ উচ্চাৰণ আৰু ইংৰাজী ক’ব নজনাৰ বাবে বহু সমালোচনাৰ সন্মুখীন হোৱাৰ স্মৃতি ৰোমন্থন কৰে অভিনেত্ৰীগৰাকীয়ে। পূৰ্বতে চিনেমা জগতৰ প্ৰভাৱশালী মহলে কৰা উপহাসৰ প্ৰসংগ টানি তেওঁ সামাজিক মাধ্যমত লিখে, “বলীউডৰ প্ৰভাৱশালী চক্ৰৰ সৈতে বছৰ বছৰ ধৰি যুঁজি মই শিকিছোঁ যে এতিয়াৰ পৰা কোনো নবাগত বা বাহিৰৰ ব্যক্তিক ইংৰাজী ক’ব নোৱাৰাৰ বাবে কোনেও উপহাস কৰিব নোৱাৰে।” ইয়াৰ উপৰিও নিজৰ অতীতৰ সংগ্ৰামৰ কথা উল্লেখ কৰি তেওঁ কয়, “২৪ বছৰ বয়সতে প্ৰকাশ্যভাৱে অপমান আৰু উপহাসৰ বলি হোৱাৰ পাছতো মই যি শালীনতা, স্পষ্টতা আৰু নম্ৰতা প্ৰদৰ্শন কৰিছিলোঁ, তথাকথিত উন্নত পৰিৱেশত ডাঙৰ-দীঘল হোৱা ইংৰাজী ভাষীসকলে সেয়া কেতিয়াও দেখুৱাব নোৱাৰে।” আনহাতে, সামাজিক মাধ্যমত ইংৰাজী কোৱাৰ সময়ত জড়তা অনুভৱ কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে জনাইছিল যে কেমেৰাৰ সন্মুখত আহিলে তেওঁ অলপ অস্বস্তি অনুভৱ কৰে। উল্লেখ্য যে, যোৱা জুলাই মাহতো দলটোৰ মুখপাত্ৰ সৌৰভ দাসে কংগণাক সমালোচনা কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সাংসদগৰাকীয়ে। ২৮ বছৰীয়া মুখপাত্ৰজনে নিজকে ছাত্ৰ বুলি দাবী কৰা কাৰ্যক প্ৰশ্ন উত্থাপন কৰি কংগণাই কৈছিল যে তেওঁৰ বয়সত কংগণাই ইতিমধ্যে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। Share this:FacebookX Related Post navigation আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি অসম ৰাইফলছৰ তৎপৰতাত উদ্ধাৰ ডিমাপুৰৰ সন্ধানহীন কিশোৰ; সুৰক্ষিতভাৱে ওভতাই দিলে পৰিয়ালক