মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব’য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ। পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, পাঁচজন কৰ্মীদলৰ সদস্যক লৈ কৰাচীৰ দিশে আহি থকা বিমানখনত নিশা ৯ বাজি ১৮ মিনিটত নেভিগেচন ব্যৱস্থাৰ ত্ৰুটি ধৰা পৰে। এই তথ্য পোৱাৰ পিছতে বিমান নিয়ন্ত্ৰণ কক্ষই বিমানখনক দিশ নিৰ্দেশনা দিয়াৰ চেষ্টা কৰে। কিন্তু মাত্ৰ তিনি মিনিটৰ ভিতৰতে ৰাডাৰত বিমানখন দ্ৰুতগতিত তললৈ নামি থকা দেখা যায় আৰু তাৰ পিছতে সকলো যোগাযোগ বিচ্ছিন্ন হয়। ঘটনাৰ সময়ত কৰাচীৰ প্ৰায় ২৮৭ কিলোমিটাৰ পশ্চিমে অৱস্থান কৰিছিল বিমানখন। উৰণৰ তথ্য বিশ্লেষণ কৰা সংস্থা ফ্লাইটৰাডাৰ২৪ৰ তথ্য অনুসৰি, বিমানখন প্ৰথমে প্ৰায় পাঁচ হাজাৰ ফুট তললৈ নামে। তাৰ পিছত অতি কম সময়ৰ ভিতৰতে পুনৰ ছয় হাজাৰ ফুট ওপৰলৈ উঠে। ইয়াৰ পিছতে ৩৬ হাজাৰ ৫৫০ ফুট উচ্চতাৰ পৰা অস্বাভাৱিকভাৱে তীব্ৰ গতিত তললৈ নামিবলৈ আৰম্ভ কৰে। শেষবাৰৰ বাবে পোৱা তথ্য অনুসৰি, সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,১০০ ফুট উচ্চতাত আছিল কাৰ্গো বিমানখন। সেই সময়ত প্ৰতি মিনিটে ২২ হাজাৰ ৪০০ ফুট হাৰত তললৈ নামি আছিল বিমানখন। বিমান সুৰক্ষা বিশেষজ্ঞসকলৰ মতে, এই ধৰণৰ অৱতৰণৰ গতি অতি অস্বাভাৱিক। বিমানখন আৰব সাগৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা আশংকাত ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে পাকিস্তান বিমানবন্দৰ প্ৰাধিকৰণে। একাধিক চৰকাৰী সংস্থা এই অভিযানত অংশগ্ৰহণ কৰিছে। আনহাতে, কে–টু এয়াৰৱেজে পাকিস্তান অসামৰিক বিমান চলাচল প্ৰাধিকৰণ আৰু আন সংশ্লিষ্ট সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে। বিমানখনত থকা পাঁচজন কৰ্মীদলৰ সদস্যৰ সুৰক্ষাৰ বাবেও প্ৰাৰ্থনা অব্যাহত থকা বুলি সংস্থাটোৱে উল্লেখ কৰিছে। উল্লেখযোগ্য যে, সন্ধানহীন হোৱা বিমানখন ব’য়িং ৭৩৭ শ্ৰেণীৰ পুৰণি জেনেৰেচনৰ মালবাহী উৰাজাহাজ। ২০২৪ চনত কে–টু এয়াৰৱেজে ইয়াক সেৱাত অন্তৰ্ভুক্ত কৰিছিল। ফ্লাইটৰাডাৰ২৪ৰ তথ্য অনুসৰি, ২৮ জুনৰ পিছত এইটোৱেই আছিল বিমানখনৰ প্ৰথম উৰণ। Share this:FacebookX Related Post navigation পোষ্টেল চেভিংছ একাউণ্টৰ পৰা ১.৩ কোটি টকা আত্মসাৎৰ অভিযোগ; চিবিআইৰ জালত ডাক বিভাগৰ দুজন কৰ্মচাৰী গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত