ম’বাইলত উচ্চস্বৰত গান শুনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামান্য তৰ্কৰ পৰিণতিতে বৰপথাৰত সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড। সৰুপথাৰ সমষ্টিৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱত চুবুৰীয়াই এগৰাকী ১৯ বছৰীয়া যুৱতীক মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চৰম উত্তেজনাৰ সৃষ্টি কৰিছে। বিহুৰ বতৰতে যোৱা ১৮ এপ্ৰিলৰ নিশা সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ নাম সোণটি মূঢ়া (১৯) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, সোণটিয়ে নিজৰ ম’বাইলত গান শুনি থকা অৱস্থাতে চুবুৰীয়া তথা সম্পৰ্কীয় কেইবাগৰাকীও পুৰুষ-মহিলাই মদ্যপান কৰি আহি যুৱতীগৰাকীৰ সৈতে তৰ্কত লিপ্ত হয়। একাংশ উন্মত্ত লোকে যুৱতীগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে মৃত্যু ঘটে। হত্যাকাণ্ডক গাপ দিবলৈ দুষ্কৃতিকাৰীয়ে মৃতদেহটো বাৰীৰ পিছফালে পেলাই থৈ যায়। উল্লেখযোগ্য যে সোণটি আছিল স্বৰ্গীয় বীৰেন মূঢ়া আৰু স্বৰ্গীয় সুনীতা মূঢ়াৰ একমাত্ৰ কন্যা। পিতৃ-মাতৃহাৰা যুৱতীগৰাকীয়ে দৈনিক হাজিৰা কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল। ইফালে, এই হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰি গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়াত পিছদিনাহে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। ইয়াৰ পাছত মৃতদেহটো উদ্ধাৰৰ পাছত প্ৰথমে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আজি আটাছুৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়। ইফালে অঞ্চলটোত অবাধ হাৰত চলি থকা অবৈধ চুলাই আৰু বিলাতী সুৰাৰ বেহাই এনে অপৰাধক প্ৰশ্ৰয় দিয়া বুলি স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰাৰ লগতে আবকাৰী আৰু আৰক্ষী বিভাগৰ নিষ্ক্ৰিয়তাক তীব্ৰ সমালোচনা কৰে। Share this:FacebookX Related Post navigation অসমত প্ৰাক-মৌচুমী বৰষুণৰ তাণ্ডৱ; ধাৰাসাৰ বৃষ্টিপাতত কৃষিখণ্ডৰ ব্যাপক ক্ষতিসাধনৰ আশংকা মহানগৰীত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; বশিষ্ঠত হেৰ’ইন আৰু নগদ ধনসহ জালত ‘হনুমান’