চেম্প্যুৰ খালী পেকেটক লৈ সৃষ্টি হোৱা এক সামান্য সংঘাতেই অৱশেষত ধাৰণ কৰিলে চৰম ৰূপ। শিশুৰ খেলক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই সংঘাতৰ পৰিণতিত এজন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কমেও ১৫ জন লোক। চুবুৰীয়া বাংলাদেশৰ নীলফামাৰী জিলাৰ জলঢাকা উপজিলাৰ বালাগ্রাম ইউনিয়নত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

স্থানীয় সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, যোৱা ১২ ছেপ্টেম্বৰৰ পুৱা বালাগ্রাম ইউনিয়নত চেম্প্যুৰ এটা খালী পেকেট লৈ কেইটিমান শিশুৰ মাজত খেলৰ ছলেৰে প্ৰথমে বাকবিতণ্ডা আৰম্ভ হৈছিল। কিন্তু অতি কম সময়ৰ ভিতৰতে এই বিষয়টোত দুয়ো পক্ষৰ অভিভাৱকসকল সোমাই পৰে আৰু উত্তেজনা ক্ৰমাৎ বৃদ্ধি পায়। পৰৱৰ্তী সময়ত দুয়োপক্ষৰ মাজত প্ৰথমে হতাহতি আৰু পিছলৈ তীক্ষ্ণ দেশীয় অস্ত্ৰ-শস্ত্ৰৰে ৰক্তক্ষয়ী সংঘাত আৰম্ভ হয়। এই সংঘৰ্ষত মকবুল হুছেইন (৪৫) নামৰ এজন স্থানীয় মুৰ্গী ব্যৱসায়ীসহ দুয়োপক্ষৰ প্ৰায় ১৫ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পিছতেই আহতসকলক উদ্ধাৰ কৰি জলঢাকা উপজিলা স্বাস্থ্য কমপ্লেক্সত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত কেইবাজনকো ৰংপুৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। চিকিৎসাধীন অৱস্থাতে মকবুল হুছেইনৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটাত তেওঁক আইচিইউত ৰখা হৈছিল যদিও মঙলবাৰে দিনৰ ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অঞ্চলটোত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ইফালে মকবুলৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱাৰ সময়ত জলঢাকা বজাৰত ক্ষুব্ধ স্থানীয় ৰাইজ আৰু আত্মীয়ই মৃতদেহবাহী বাহনখন আগভেটি ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰায় এঘণ্টা ধৰি পথ অৱৰোধ কৰি মানৱ শৃংখল আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে। প্ৰতিবাদকাৰীসকলে অভিযোগ তোলা মতে, মকবুলসহ কেইবাজনো আহত লোক চিকিৎসাধীন হৈ থকা অৱস্থাতে প্ৰতিপক্ষই থানাত ওলোটাই গোচৰ তৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে।

আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা তথ্য মতে, এই সংঘাতক কেন্দ্ৰ কৰি ১৭ ছেপ্টেম্বৰ আৰু ১৯ ছেপ্টেম্বৰত জলঢাকা থানাত দুয়োপক্ষৰ তৰফৰ পৰা দুটাকৈ সুকীয়া গোচৰ ৰুজু কৰা হৈছে। জলঢাকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাজমূল আলমে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংঘাত আৰু হত্যাৰ সৈতে জড়িত অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু অতি সোনকালেই দোষীক কৰায়ত্ত কৰি কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *