দেশৰ সৰ্বোচ্চ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্বাচন আয়োগৰ ভিতৰচৰাতেই এইবাৰ মুকলিকৈ পোহৰলৈ আহিল এক অভূতপূৰ্ব অন্তৰ্দ্বন্দ্ব আৰু মতানৈক্যৰ ছবি। মুখ্য নিৰ্বাচনী আয়ুক্তৰ একপক্ষীয় কাৰ্যকলাপ আৰু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ স্বয়ং আন দুজন নিৰ্বাচনী আয়ুক্ত পোনপটীয়াকৈ কেবিনেট সচিবৰ দ্বাৰস্থ হোৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ।

প্ৰাপ্ত তথ্য অনুসৰি, মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন নিৰ্বাচনী আয়ুক্ত ড০ সুখবীৰ সিং সান্ধু তথা ড০ বিবেক যোশীৰ মাজত বিগত ১০ মাহত কমেও ১৪ বাৰকৈ গভীৰ মতানৈক্যৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে যে মুখ্য নিৰ্বাচনী আয়ুক্তই কি সিদ্ধান্ত গ্ৰহণ কৰে, সেই বিষয়ে আন দুজন নিৰ্বাচনী আয়ুক্তই সমলেই গম নাপায়। বিশেষকৈ এছআইআৰ সম্পৰ্কীয় সিদ্ধান্ত আৰু বিশেষ গভীৰ নিৰীক্ষণ প্ৰক্ৰিয়াৰ স্বচ্ছতাক কেন্দ্ৰ কৰিয়েই আয়োগৰ ভিতৰত এই মতভেদে চৰম ৰূপ ধাৰণ কৰে।

সংবিধান আৰু প্ৰচলিত বিধি অনুসৰি, নিৰ্বাচন আয়োগৰ যিকোনো নীতিগত সিদ্ধান্ত ঐকমত্যৰ ভিত্তিত অথবা সংখ্যাগৰিষ্ঠতাৰেহে গ্ৰহণ কৰাটো বাধ্যতামূলক। কিন্তু সেই নিয়মক উপেক্ষা কৰি একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাৰ অভিযোগ তুলি ক্ষুব্ধ হৈ পৰা দুই নিৰ্বাচনী আয়ুক্তই অৱশেষত কেবিনেট সচিবৰ কাষ চাপিবলৈ বাধ্য হয়। সাংবিধানিক শীৰ্ষ প্ৰতিষ্ঠানটোৰ তিনিগৰাকী মুৰব্বীৰ এনে সংঘাতৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *