সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে নিজকে বিচাৰি পায় ৷ জীৱন সংগ্ৰাম, চহা গাঁৱলীয়া সমাজ, প্ৰেম, যৌৱন, উৎসৱ, পাহাৰ-ভৈয়ামৰ একাত, সংগ্ৰাম আদি জাতীয় জীৱনৰ প্ৰতিটো কথাতে যেন সোমাই আছে সেই মহান ব্যক্তিজনৰ সৃষ্টিৰাজিত ৷জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে- ‘‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলকাতাৰ টালিগঞ্জৰ বাসগৃহটো ক্ৰয় কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ৷ মই নিজে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছোঁ৷ কলাক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ এটা অত্যাধুনিক সংগ্ৰহালয়ৰ আজি শিলান্যাস কৰিলোঁ ৷ লোক নিৰ্মাণ বিভাগে দুবছৰৰ ভিতৰত নিৰ্মাণ কৰিব বুলি আশা কৰিম৷ ৩৫.৩৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব সংগ্ৰহালয়টো ৷’’ Share this:FacebookX Related Post navigation আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা