দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অৱসান ঘটাই কাইলৈ অৰ্থাৎ ৫ জুনত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ বহু প্ৰত্যাশিত কেবিনেট সম্প্ৰসাৰণ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰী পৰিষদত এইবাৰ প্ৰায় ১৩ গৰাকী নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। মহানগৰীৰ জ্যোতি বিষ্ণু কলা মন্দিৰত দুপৰীয়া ১২:৪৫ বজাত এই নতুন মন্ত্ৰীসকলৰ আনুষ্ঠানিক শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নতুন মন্ত্ৰীসভাৰ আনুষ্ঠানিক তালিকাখন এতিয়ালৈকে ৰাজহুৱা কৰা নাই যদিও কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কৰ নাম চৰ্চালৈ আহিছে। সম্ভাব্য তালিকাত ডাঃ ৰণোজ পেগু, অশোক সিংহল, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰাৰ নাম প্ৰমুখ্যে উলেখ কৰা হৈছে। ইয়াৰ উপৰিও কেশৱ মহন্ত, অশ্বিনী ৰয় সৰকাৰ, বলীন চেতিয়া, তুলিৰাম ৰংহাঙৰ লগতে বৰাক উপত্যকা আৰু উজনি অসমৰ একাংশ বিধায়ককো কেবিনেটত স্থান দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন মহলে।

বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে সদ্যসমাপ্ত নিৰ্বাচনত ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰি বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। যোৱা ১২ মে’ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মিত্ৰদল অগপৰ সভাপতি অতুল বৰা, বিজেপিৰ অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু বি পি এফৰ চৰণ বড়োৱে কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কাইলৈ হ’বলগীয়া এই সৰ্ববৃহৎ সম্প্ৰসাৰণলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে উৎসুকতাৰে বাট চাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *