অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰীয়া ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২০২৫ বৰ্ষৰ জিৰ’ উৎসৱ ২৫–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷ এগৰাকী স্বাধীন শিল্পী, যাৰ সংগীত আৰু মনোভাৱে সমগ্ৰ উত্তৰ-পূব আৰু ইয়াৰ বাহিৰৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল, তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে এই মহোৎসৱৰ প্ৰথম দিনটো ৷জিৰ’ ফেষ্টিভেলৰ সহ-প্ৰতিষ্ঠাপক অনুপ কুট্টিয়ে জনায়, ‘‘জুবিন গাৰ্গ হৈছে এনে এজন শিল্পী যি পোনপটীয়াকৈ অনুৰাগীৰ ওচৰলৈ যাব পাৰে । আমি সকলোৱে তেওঁৰ বাবে উদযাপন কৰা উচিত আৰু ইয়াৰ পৰা শিকিব লাগে আমি ৷’’এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷ Share this:FacebookX Related Post navigation এজন অনুৰাগীয়ে কোহলীৰ ছবি আৰু নামেৰে সোণৰ মোবাইল ক’ভাৰ বনাইছে কৃষ্ণা জুৱেলাৰীয়ে কোকৰাঝাৰলৈ লৈ আহিছে ফেষ্টিভ লাকী ড্ৰ’