ভাৰত চৰকাৰৰ নতুন হাব-এণ্ড-স্প’ক বিমান পৰিবহন নীতিৰ অধীনত এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ইয়াৰ প্ৰথমখন ইজি কানেক্ট বিমান সেৱা মুকলি কৰে। এয়া হৈছে এক দেশজোৰা পদক্ষেপৰ আৰম্ভণি, যাৰ উদ্দেশ্য হৈছে বিমান সংস্থাটোৰ প্ৰধান কেন্দ্ৰসমূহৰ জৰিয়তে দেশৰ বিভিন্ন চহৰৰ পৰা যাত্ৰীসকলক কোনো অসুবিধা নোহোৱাকৈ নিৰৱচ্ছিন্নভাৱে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধা প্ৰদান কৰা।প্ৰথমখন ‘ইজি কানেক্ট’ বিমান এআই১১১১ বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা দিল্লীলৈ বুলি উৰা মাৰে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলে দিল্লীৰ পৰা ডুবাই, কলম্বো, জেড্ডাহ, ৰিয়াধ, কাঠমাণ্ডু আৰু ফুকেটসহ ৯টা বিদেশৰ গন্তব্যস্থানলৈ সংযোগকাৰী উৰণৰ সুবিধা লাভ কৰিব। এই সেৱা কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডুৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেওঁ কয় যে এই পদক্ষেপে যাত্ৰীসকলক ভাৰতীয় ট্ৰেনজিট হাবসমূহৰ জৰিয়তে নিজৰ গৃহ চহৰৰ পৰাই বিদেশী যাত্ৰা আৰম্ভ কৰাৰ সুবিধা দি আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাক অধিক সুলভ কৰি তুলিব।এয়াৰ ইণ্ডিয়াই জনাইছে যে অহা কেইমাহমানৰ ভিতৰত পৰ্যায়ক্ৰমে এই নেটৱৰ্ক সম্প্ৰসাৰণ কৰি গুৱাহাটী, আহমেদাবাদ, অমৃতসৰ, চেন্নাই, গোৱা, হায়দৰাবাদ, কোচি, মুম্বাই, পাটনা, বদোদৰা আৰু বিশাখাপট্টনমলৈ লৈ যোৱা হ’ব। মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক কেম্পবেল উইলছনে কয় যে এই পদক্ষেপে দীৰ্ঘদিন ধৰি বিদেশী ট্ৰেনজিট হাবৰ ওপৰত ভাৰতীয় যাত্ৰীসকলৰ যি নিৰ্ভৰশীলতা আছিল, তাক দূৰ কৰিব। লগতে ই যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰাৰ লগতে ভাৰতৰ বিমান পৰিবহন ব্যৱস্থাকো শক্তিশালী কৰিব।এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় ২.৫ কোটি যাত্ৰীয়ে ভাৰতলৈ অহা-যোৱা কৰা দীৰ্ঘ দূৰত্বৰ আন্তঃৰাষ্ট্ৰীয় পথত যাত্ৰা কৰে, প্ৰায় ২ কোটি যাত্ৰীৰ বাবে সংযোগী বিমানৰ প্ৰয়োজন হয়। ইয়াৰে প্ৰায় ৮৫ শতাংশই বৰ্তমান ভাৰতীয় বিমানবন্দৰৰ পৰিৱৰ্তে বিদেশী হাবসমূহৰ মাজেৰে যাত্ৰা কৰে।এয়াৰ ইণ্ডিয়াৰ আগন্তুক ইজি কানেক্ট নেটৱৰ্কত গুৱাহাটী অন্তৰ্ভুক্ত হোৱাৰ ফলত অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ যাত্ৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংযোগ যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই সেৱাই এয়াৰ ইণ্ডিয়াৰ দিল্লী, মুম্বাই আৰু বেংগালুৰুৰ হাবসমূহৰ জৰিয়তে বিশ্বব্যাপী গন্তব্যস্থানসমূহৰ প্ৰৱেশ উন্নত কৰাৰ লগতে ব্যৱসায়িক ভ্ৰমণ, পৰ্যটন, শিক্ষা আৰু চিকিৎসা ভ্ৰমণত সহায় কৰাৰ সম্ভাৱনা আছে। এই অগ্ৰগতিয়ে অঞ্চলটোৰ আগশাৰীৰ বিমান পৰিবহণৰ দুৱাৰ হিচাপে গুৱাহাটীৰ স্থিতি শক্তিশালী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে উত্তৰ-পূবৰ ক্ৰমবৰ্ধমান একত্ৰীকৰণত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation এআই-ৰ ব্যৱহাৰে গতি লাভ কৰিছে, ৫৭% এমএছএমই-এ মূল বৃদ্ধিৰ চালক হিচাপে গণ্য:ভি-ৰ ব্যৱসায়িক অধ্যয়ন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শুভাৰম্ভ কৰিব প্ৰথমখন পোনপটীয়া গুৱাহাটী-পশ্চিম এছিয়া বিমান সেৱাৰ