এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীক ডুবাই আৰু আবু ধাবিৰ সৈতে সংযোগ কৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিমান সেৱাৰ জৰিয়তে বিমান সংস্থাটো উত্তৰ-পূব ভাৰত আৰু পশ্চিম এছিয়াৰ মাজত অবিৰত পোনপটীয়া সেৱা আগবঢ়োৱা প্ৰথমটো বিমান প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। গুৱাহাটী-ডুবাইৰ মাজত বিমান সেৱা ৪ আগষ্টৰ পৰা আৰম্ভ হ’ব, আনহাতে গুৱাহাটী-আবু ধাবি বিমান সেৱা ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব, যিয়ে অঞ্চলটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বিকল্পসমূহ সম্প্ৰসাৰণ কৰিব।
বিমান প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, এই নতুন সেৱাসমূহে গুৱাহাটীৰ পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পৰিচালনাক চিহ্নিত কৰিছে। গুৱাহাটী হৈছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ নেটৱৰ্কৰ অন্যতম বৃহৎ ষ্টেচন, য’ৰ পৰা প্ৰতি সপ্তাহে প্ৰায় ১২০ খন বিমান চলাচল কৰে। ইউএই-ৰ দুটা প্ৰধান বাণিজ্যিক আৰু ভ্ৰমণ কেন্দ্ৰলৈ এই পোনপটীয়া সংযোগে উত্তৰ-পূব ভাৰতৰ যাত্ৰী আৰু ব্যৱসায়ীসকলৰ বাবে গোলকীয় বজাৰলৈ যাত্ৰা সুগম কৰাৰ লগতে পৰ্যটন, বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। বিমান প্ৰতিষ্ঠানটোৰ ৱেবছাইট, মোবাইল এপ আৰু অন্যান্য বুকিং প্লেটফৰ্মৰ জৰিয়তে ইতিমধ্যে বুকিং আৰম্ভ হৈছে।
বিমানৰ সময়সূচী অনুসৰি: গুৱাহাটী-ডুবাই বিমান যাত্ৰা: প্ৰতি মঙলবাৰে দিনৰ ১২:২৫ বজাত গুৱাহাটীৰ পৰা উৰা মাৰিব আৰু স্থানীয় সময় অনুসৰি বিয়লি ৪:১০ বজাত উপস্থিত হ’বগৈ। ইয়াৰ বিপৰীতে, উভতি অহা বিমানখন ডুবাইৰ পৰা বিয়লি ৫:১০ বজাত যাত্ৰা কৰিব আৰু মাজনিশা ১২:২৫ বজাত গুৱাহাটী পাবহি। আনহাতে, গুৱাহাটী-আবু ধাবি বিমান যাত্ৰা: প্ৰতি শুক্ৰবাৰে দিনৰ ১১:৩০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰিব আৰু বিয়লি ৩:১৫ বজাত উপস্থিত হ’বগৈ। উভতি অহা বিমানখন আবু ধাবিৰ পৰা বিয়লি ৪:১৫ বজাত যাত্ৰা কৰি নিশা ১১:৩০ বজাত গুৱাহাটীত অৱতৰণ কৰিব।
এই সেৱাৰ শুভাৰম্ভণিয়ে ব্যৱসায়িক ভ্ৰমণকাৰী, ৰপ্তানিকাৰী, শিক্ষাৰ্থী আৰু পৰ্যটকৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংযোগ ব্যৱস্থা উন্নত কৰি উত্তৰ-পূব ভাৰতৰ বিমান পৰিবহন প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ স্থিতি অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া যাতায়তে উপসাগৰীয় অঞ্চলৰ সৈতে বাণিজ্য বৃদ্ধি কৰিব, পৰ্যটন আৰু আতিথ্য খণ্ডক অধিক সমৰ্থন কৰিব আৰু নিয়োগ তথা ব্যৱসায়িক সুযোগৰ বাবে ইউএই-লৈ যাত্ৰা কৰা উত্তৰ-পূবৰ বৃহৎ সংখ্যক লোকক অধিক সুবিধা প্ৰদান কৰিব।
ইউএই-ৰ এই দুটা গন্তব্যস্থান অন্তৰ্ভুক্তিৰ লগে লগে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উত্তৰ-পূবৰ চাৰিটা ষ্টেচন—ডিব্ৰুগড়, ডিমাপুৰ, গুৱাহাটী আৰু ইম্ফলৰ পৰা প্ৰতি সপ্তাহে ২৯০খনতকৈও অধিক বিমান পৰিচালনা কৰিব। বিমান প্ৰতিষ্ঠানটোৱে টেলছ অৱ ইণ্ডিয়া পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে। ইয়াৰ অধীনত উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বব্যাপী প্ৰদৰ্শন কৰিবলৈ বিমানৰ বাহ্যিক ডিজাইনত অসমীয়াৰ স্বাভিমানৰ গামোচা আৰু জাপি, নাগালেণ্ডৰ চুংকটেপছু, মণিপুৰৰ এক্যবি, মৈৰাং ফী আৰু চাফি লানফি, অৰুণাচল প্ৰদেশৰ ইদু মিচিমি, মেঘালয়ৰ খনেং আৰু মিজোৰামৰ পুয়ানচেই-ৰ দৰে পৰম্পৰাগত শৈলী ব্যৱহাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *