অৱশেষত প্ৰদান কৰা হ’ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই ঐতিহাসিক গোচৰৰ ৰায়দান কৰি ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। ইফালে পৰ্যাপ্ত সাক্ষ্য-প্ৰমাণৰ অভাৱত আন ২৫ জন অভিযুক্তক আদালতে মুক্তি প্ৰদান কৰিছে। হত্যাকাণ্ডৰ এই সংবেদনশীল গোচৰৰ শুনানিৰ অন্তত দোষী সাব্যস্ত হোৱা ২০ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ লগতে বেআইনী জনতা গঠন আৰু চৰকাৰী কৰ্তব্যত বাধা প্ৰদানৰ দৰে কেইবাটাও গুৰুতৰ ধাৰা প্ৰয়োগ কৰে আদালতে। জিলা চৰকাৰী অধিবক্তা জিয়াউল কামাৰে কয়, “মই মোৰ ফালৰ পৰা সৰ্বোচ্চ চেষ্টা কৰিছিলোঁ যদিও বিচাৰ প্ৰক্ৰিয়াত বহু কেইজন গুৰুত্বপূৰ্ণ সাক্ষী বিৰোধী হোৱা বাবে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। ২৫ জন অভিযুক্তক মুক্তি দিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰাৰ স্বাৰ্থত মই আইন সচিবক আবেদন জনাম।” দোষী সাব্যস্তসকলৰ শাস্তি অহা ২৪ এপ্ৰিলত ঘোষণা কৰিব আদালতে। ইফালে আদালতৰ এই ৰায়ক লৈ সম্পূৰ্ণ সন্তুষ্ট হ’ব পৰা নাই দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা দুই বন্ধুৰ পিতৃ-মাতৃ। আদালতৰ চৌহদত নীলোৎপল দাসৰ পিতৃয়ে কয়, “আমি এই ৰায়ত সন্তুষ্ট নহয় কাৰণ ৪৫ জনৰ ভিতৰত প্ৰায় আধা সংখ্যক অভিযুক্তক আদালতে মুক্তি দিলে। আমি দোষী সাব্যস্ত হোৱাসকলৰ বাবে মৃত্যুদণ্ড বিচাৰিছোঁ আৰু বাকী ২৫ জনৰ মুক্তিৰ বিৰুদ্ধে আমি অধিবক্তাৰ সৈতে আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ ল’ম।” একে সুৰতে অভিজিৎ নাথৰ পিতৃয়েও এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি স্পষ্ট কৰি দিয়ে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ পাণজুৰি গাঁৱত এচাম উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই প্ৰতিভাশালী যুৱক অভিজিৎ আৰু নীলোৎপলক অতি নিৰ্মমভাৱে হত্যা কৰিছিল। এই ম’ব লিঞ্চিং বা গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অসমতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এতিয়া অহা ২৪ এপ্ৰিলৰ শাস্তিৰ ঘোষণালৈ ৰাজ্যবাসীয়ে উৎসুকতাৰে অপেক্ষা কৰিছে। Share this:FacebookX Related Post navigation ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন