বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে অৱশেষত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণই। উচ্চতম ন্যায়ালয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণ আৰু পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। শুনানিৰ সময়ত উপস্থিত থকা ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনে শীৰ্ষ আদালতত তেওঁলোকৰ ব্যক্তিগত চৰ্তহীন ক্ষমা বিচাৰিছিল। ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে তেওঁলোকৰ ক্ষমা প্ৰাৰ্থনাৰ প্ৰতি সকাহ নিদি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। বিচাৰপীঠে বালাকৃষ্ণক কয় যে আপুনি ভাল কাম কৰি আছে কিন্তু আপুনি এলোপেথিক অৱমাননা কৰিব নোৱাৰে। ৰামদেৱে বিচাৰপীঠক এইটোও কয় যে তেওঁ কোনো ধৰণে আদালতৰ প্ৰতি কোনো অসন্মান দেখুৱাব বিচৰা নাছিল। ৰামদেৱ আৰু বালকৃষ্ণৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে শুনানিৰ আৰম্ভণিতে বিচাৰপীঠক কয়, মই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ সাজু। Share this:FacebookX Related Post navigation ৰে’লৱেত ১৪.৭শতাংশ ৰে’ল চালকৰ পদ খালি প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ