Month: June 2026

অনুপ্ৰৱেশৰ চেষ্টা নে আন কিবা উদ্দেশ্য? পুঞ্চত ভাৰতীয় সেনাৰ জালত পাকিস্তান অধিকৃত কাশ্মীৰৰ এজন

ভাৰত-পাকিস্তান সীমান্তত অব্যাহত আছে কটকটীয়া নিৰাপত্তা। সেই সময়তে পুনৰ সীমান্ত অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়তে পাক অধিকৃত কাশ্মীৰৰ এজন লোকক আটক কৰে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বালাকোট…

ভেনিজুৱেলাত অব্যাহত ভূমিকম্পৰ বিভীষিকা! মৃতকৰ সংখ্যা ১,৪৫০লৈ বৃদ্ধি

ৰুষ্ট প্ৰকৃতিৰ বিভীষিকাই ধ্বংসস্তূপলৈ পৰিণত কৰিছে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ বিস্তীৰ্ণ অঞ্চল। বুধবাৰে সংঘটিত দুটা প্ৰবল ভূমিকম্পই মুহূৰ্ততে বিপৰ্যস্ত কৰি তোলে জনজীৱন। দুৰ্যোগৰ চাৰিদিন পাৰ হোৱাৰ পাছতো অব্যাহত আছে উদ্ধাৰ…

ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে অৰ্জন সম্পত্তি বাজেয়াপ্ত কৰাটো বাধ্যতামূলক

দেশৰ পৰা ড্ৰাগছৰ কৰাল গ্ৰাস সম্পূৰ্ণৰূপে উৎখাত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ তিনি বছৰীয়া ৰাষ্ট্ৰীয় কৰ্মসূচী “ভিজন ডকুমেন্ট অন ড্ৰাগ কন্ট্ৰোল (২০২৬-২০২৯)” মুকলি কৰিছে। নাৰ্কটিক্স কন্ট্ৰোল…

আফগানিস্তাত এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ! কমেও ২৯ জন নিহত

মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনাৰ মাজতে এইবাৰ দক্ষিণ এছিয়াত বৃদ্ধি পালে সামৰিক উত্তেজনা। কৰাচীস্থিত পাকিস্তান ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘণ্টা নৌহওতেই আফগানিস্তানৰ পূৰ্বাঞ্চলত বিমান আক্ৰমণ চলায় পাকিস্তানে। ইছলামাবাদৰ দাবী…

ইউৰোপত অভিলেখ ভংগৰে গৰমৰ প্ৰকোপ: কেইবাখনো দেশত সৃষ্টি হাহাকাৰ পৰিস্থিতি

বৰ্তমান সমগ্ৰ ইউৰোপ মহাদেশ এক ভয়াৱহ গ্ৰীষ্ম প্ৰবাহৰ কৱলত পৰিছে। এই প্ৰচণ্ড গৰমৰ বাবে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, কেৱল ফ্ৰান্সতে যোৱা ২৪ জুনৰ পৰা ২৭ জুনৰ…

চিকিম দুখীয়া গৃহ আঁচনিৰ অধীনত মন্ত্ৰীয়ে হিতাধিকাৰীক ঘৰ বিতৰণ

শনিবাৰে চিকিমৰ শ্ৰম আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা ইয়াংথাং সমষ্টিৰ বিধায়ক ভীম হাং লিম্বুৱে চিকিম দুখীয়া গৃহ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উদ্বোধন কৰি হিতাধিকাৰীসকলক চাবি বিতৰণ কৰে। গেজিঙৰ…

অসমৰ ক্ৰিকেট শক্তিশালী কৰাৰ আলোচনা: মুখ্যমন্ত্ৰীক সাক্ষাৎ গাভাস্কাৰৰ, গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰস্তাৱ

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোক সেৱা ভৱনত থকা তেওঁৰ কাৰ্যালয়ত ক্ৰিকেটৰ কিংবদন্তি সুনীল গাভাস্কাৰক আদৰণি জনায় আৰু অসমৰ ক্ৰিকেট পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। বিশ্বৰ…

সুৰাপানক লৈ পত্নীৰে কাজিয়া! হিতাহিত হেৰুৱাই দুই সন্তানক নৃশংস হত্যা পাষণ্ড পিতৃৰ

পত্নীৰ সৈতে হোৱা পাৰিবাৰিক বিবাদে নিমিষতে কাঢ়ি নিলে দুটা নিষ্পাপ শিশুৰ প্ৰাণ। সুৰাসক্ত অৱস্থাত খঙৰ বশৱৰ্তী হৈ নিজৰেই দুই সন্তানক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী পিতৃৰ বিৰুদ্ধে।…

বাংলাদেশী নাগৰিকৰ পুশ্ববেকক কেন্দ্ৰ কৰি উত্তপ্ত শ্ৰীভূমি সীমান্ত! সন্মুখ সমৰত বিএছএফ-বিজিবি

বাংলাদেশী নাগৰিকক পুশ্ববেক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত। সীমান্তৱৰ্তী নিলামবজাৰৰ বিলবাৰী অঞ্চলত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে কৰ্তৃপক্ষই। বিশেষ…

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু কণমানিৰ! নলবাৰীত শোকৰ ছাঁ

ৰাজ্যজুৰি অব্যাহত আছে মাৰাত্মক চোৱাইন ফ্লু ভাইৰাছৰ তীব্ৰ আতংক। অসমৰ ভিন্ন প্ৰান্তত এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ মাজতে এইবাৰ নলবাৰী জিলাত এই ব্যাধিৰ বলি হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল…