মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনাৰ মাজতে এইবাৰ দক্ষিণ এছিয়াত বৃদ্ধি পালে সামৰিক উত্তেজনা। কৰাচীস্থিত পাকিস্তান ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘণ্টা নৌহওতেই আফগানিস্তানৰ পূৰ্বাঞ্চলত বিমান আক্ৰমণ চলায় পাকিস্তানে। ইছলামাবাদৰ দাবী অনুসৰি, উগ্ৰপন্থীৰ ঘাটি লক্ষ্য কৰি চলোৱা এই অভিযানত অন্ততঃ ২৯ জন নিহত হৈছে। আনহাতে, তালিবান চৰকাৰে অভিযোগ অনুসৰি আক্ৰমণত বহু অসামৰিক লোকো নিহত আৰু আহত হৈছে। পাকিস্তানৰ তথ্য মন্ত্ৰী আত্তাউল্লাহ তাৰাৰে জানিবলৈ দিয়া মতে, কৰাচী আক্ৰমণৰ বাবে দায়ী জামাত-উল-আহৰাৰ আৰু ‘ফিতনা আল-খাৱাৰিজ’ৰ ঘাটি লক্ষ্য কৰিয়েই এই সামৰিক অভিযান চলোৱা হয়। ‘ফিতনা আল-খাৱাৰিজ’ শব্দবন্ধটো পাকিস্তানে তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)-ক বুজাবলৈ ব্যৱহাৰ কৰে। উল্লেখ্য যে, শনিবাৰে কৰাচীত পাকিস্তান ৰেঞ্জাৰ্ছৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত বন্দুক আৰু বিস্ফোৰক লৈ আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে। সেই ঘটনাত তিনিজন ৰেঞ্জাৰ্ছ জোৱান নিহত হয়। পাছত চলোৱা অভিযানত তিনিজন আক্ৰমণকাৰীক নিহত কৰাৰ লগতে এজনক জীৱিত অৱস্থাত আটক কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। আটকাধীন ব্যক্তিজন আফগান নাগৰিক বুলি দাবী কৰিছে পাকিস্তান সেনাই। জামাত-উল-আহৰাৰে ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সেই ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপেই সীমান্তৰ সিপাৰে বিমান আক্ৰমণ চলোৱা হৈছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বিপৰীতে তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাকিস্তানৰ এই সামৰিক পদক্ষেপক “কাপুৰুষোচিত আগ্ৰাসন” আখ্যা দিয়ে। তেওঁ অভিযোগ কৰে যে পূৰ্বাঞ্চলৰ তিনিখন প্ৰদেশত চলোৱা বিমান আক্ৰমণত বহু অসামৰিক লোক হতাহত হৈছে। আফগানিস্তান চৰকাৰে পুনৰ দাবী কৰে যে, দেশখনৰ ভূখণ্ড কোনো সন্ত্ৰাসবাদী সংগঠনে আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰা নাই। ২০২১ চনত তালিবানে আফগানিস্তানৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক ক্ৰমাৎ অৱনতি ঘটিছে। আফগানিস্তানত টিটিপি আৰু আন উগ্ৰপন্থী সংগঠনে আশ্ৰয় লৈ পাকিস্তানত আক্ৰমণ চলাই আছে বুলি ইছলামাবাদে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু সেই অভিযোগ ধাৰাবাহিকভাৱে নাকচ কৰি আহিছে কাবুলে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দুয়োখন দেশৰ মাজত কেইবাসপ্তাহজুৰি সংঘৰ্ষ চলাৰ পিছত মাৰ্চ মাহত যুদ্ধবিৰতি চুক্তি সম্পন্ন হৈছিল। যদিও তাৰ পিছতো সীমান্তত বিক্ষিপ্ত সংঘৰ্ষ অব্যাহত আছে। আফগানিস্তানৰ তথ্য অনুসৰি, জুন মাহত পাকিস্তানৰ আন এক বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হৈছিল। চীনকে ধৰি একাধিক দেশৰ মধ্যস্থতাৰ পাছতো পাকিস্তান-আফগানিস্তান সীমান্তৰ উত্তেজনা হ্ৰাস পোৱা নাই। শেহতীয়া বিমান আক্ৰমণৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক পুনৰ অধিক জটিল হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলে। তদন্ত আৰু পৰিস্থিতিৰ মূল্যায়ন অব্যাহত থকাৰ মাজতে সীমান্তত নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰা হৈছে। Share this:FacebookX Related Post navigation ইউৰোপত অভিলেখ ভংগৰে গৰমৰ প্ৰকোপ: কেইবাখনো দেশত সৃষ্টি হাহাকাৰ পৰিস্থিতি ভেনিজুৱেলাত অব্যাহত ভূমিকম্পৰ বিভীষিকা! মৃতকৰ সংখ্যা ১,৪৫০লৈ বৃদ্ধি