বৰ্তমান সমগ্ৰ ইউৰোপ মহাদেশ এক ভয়াৱহ গ্ৰীষ্ম প্ৰবাহৰ কৱলত পৰিছে। এই প্ৰচণ্ড গৰমৰ বাবে জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, কেৱল ফ্ৰান্সতে যোৱা ২৪ জুনৰ পৰা ২৭ জুনৰ ভিতৰত গৰমৰ বাবে প্ৰায় ১,০০০ লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৮৫ শতাংশই বয়োজ্যেষ্ঠ লোক। ফ্ৰান্সৰ উপৰি জাৰ্মানী, স্পেইন, ব্ৰিটেইন, ডেনমাৰ্ক আৰু ইটালীকে ধৰি প্ৰায় ১৬ খন দেশত তাপমাত্ৰাই বিগত কেইবা দশকৰ অভিলেখ ভংগ কৰিছে।ইউৰোপৰ প্ৰায় ১৯ কোটিতকৈও অধিক লোকে ৩৫ ডিগ্ৰী চেলচিয়াছ বা তাতকৈ অধিক তাপমাত্ৰাৰ সন্মুখীন হ’বলগীয়া হৈছে।ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ধাৰাবাহিকভাৱে তিনিদিন ধৰি ‘ৰেড ৱাৰ্নিং’ জাৰি কৰা হৈছে।

দক্ষিণ ইংলেণ্ডত তাপমাত্ৰা ৩৬.৪ ডিগ্ৰী চেলচিয়াছ চুইছেগৈ। অত্যধিক গৰমৰ বাবে কেইবাখনো ডাঙৰ হাস্পতালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে আৰু ১,০০০ তকৈও অধিক স্কুল বন্ধ কৰি দিয়া হৈছে। স্পেইনৰ এণ্ডুজাৰ চহৰত তাপমাত্ৰা ৪৫.১ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। যোৱা ৪ দিনত ইয়াত ২০০ তকৈও অধিক লোকৰ মৃত্যু হৈছে। প্ৰচণ্ড খৰাং আৰু গৰমৰ বাবে বনাঞ্চলসমূহত ভয়াৱহ জুইৰ ঘটনা সংঘটিত হৈছে। জাৰ্মানীৰ ড্ৰেভিটজ চহৰত তাপমাত্ৰা ৪১.৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে, যিটো দেশখনৰ ইতিহাসৰ আটাইতকৈ সৰ্বাধিক তাপমাত্ৰা।সাধাৰণতে ঠাণ্ডা দেশ হিচাপে পৰিচিত ডেনমাৰ্কত ১৮৭৪ চনৰ পিছত এইবাৰ আটাইতকৈ বেছি ৩৭ ডিগ্ৰী চেলচিয়াছ গৰমৰ সন্মুখীন হৈছে।

ৰাস্তা-ঘাট গলিবলৈ ধৰাৰ বাবে গধুৰ যানবাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গৰমৰ পৰা ৰক্ষা পাবলৈ লাখ লাখ স্থানীয় লোক আৰু পৰ্যটক সাগৰীয় উপকূললৈ ঢাপলি মেলিছে। ফ্ৰান্সৰ পিছোচ চহৰত তাপমাত্ৰা ৪৪.৩ ডিগ্ৰী চেলচিয়াছ পাইছেগৈ। বিজুলী গ্ৰীড বিকল হোৱাৰ বাবে ৫০,০০০ ঘৰ অন্ধকাৰত ডুব গৈছে। ইটালীৰ ৰোম, মিলান আৰু ভেনিচ আদিকে ধৰি ১৮ খন চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। দেশৰ আটাইতকৈ দীঘল নদী ‘পো নদী’ৰ পানী শুকাই যোৱাৰ বাবে খেতি আৰু খোৱাপানীৰ সংকট দেখা দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *