শিৱসাগৰ জিলাত দিখৌ নদীৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বন্যাত সকলক উদ্ধাৰ কৰাৰ বাবে সেনাবাহিনীৰ হেলিকপ্টাৰ আৰু মটৰচালিত নাও ব্যৱহাৰ কৰা হৈছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন হৈছে ৷জানিব পৰা মতে, জলবন্দী বহু মানুহক এইপৰ্যন্ত উদ্ধাৰ কৰা নাই ৷ আনকি জলবন্দী লোকক খোৱাপানীও যোগান ধৰা নাই ৷ যাৰবাবে মানুহৰ মাজত ক্ষোভ বৃদ্ধি পাইছে ৷ জলসম্পদ মন্ত্ৰীক ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰিছে ৷আজি বানে নতুন নতুন অঞ্চল প্লাবিত কৰিছে ৷ আজি ঐতিহাসিক বৰআলি, খৰিকটীয়া আলি, চিপাহীগাঁও পথ, জোলাগাঁও পথ জলমগ্ন হৈছে ৷ কালি দিনৰ ভাগতে নগা পাহাৰৰ পৰা কোবাল গতিৰে নামি অহা পানীৰ ধলে নদীপৰীয়া শতাধিক গাঁও প্লাবিত কৰে ৷ দিখৌ নদীৰ কাষৰ চন্টক, বিহুবৰ আদি অঞ্চলত মানুৰ ঘৰটো বাদেই ৰাজপথৰ ওপৰত একঁকাল পৰ্যন্ত পানীয়ে জলমগ্ন কৰে ৷ যাৰবাবে বানাক্ৰান্ত লোক সকলৰ মাজত আতংকময় পৰিবেশে বিৰাজ কৰিছে ৷ Share this:FacebookX Related Post navigation এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী