CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ’ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘কিষাণ মহাপঞ্চায়ত’ক কেন্দ্ৰ কৰি পঞ্জাব-হাৰিয়ানা সীমান্তত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। “দেশ বাচাও মৰ্চা”ৰ বেনাৰত দিল্লীৰ ঐতিহাসিক ‘কিষাণ ঘাট’ত এই একদিনীয়া কৃষক সমাৱেশৰ আহ্বান জনোৱা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে পঞ্জাব আৰু হাৰিয়ানাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ কৃষক দিল্লী অভিমুখে ৰাওনা হৈছে। এই আন্দোলনক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি গুৰনাম সিং চাৰুনীক হাৰিয়ানা আৰক্ষীয়ে পথৰ পৰা আটক কৰাক লৈ কৃষকসকলৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *