পেৰিছ, ১০ এপ্ৰিল: মেগা ক্ৰীড়া ইভেণ্ট অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ আৰু ১০০ দিন বাকী। এইবাৰ আয়োজক ফ্ৰান্সে আইফেল টাৱাৰত প্ৰদৰ্শন কৰিব অলিম্পিক ৰিং। অলিম্পিকৰ ২৯ মিটাৰ দীঘল (৯৫ ফুট) আৰু ১৫ মিটাৰ (৪৯ ফুট) ওখ পাঁচটা ৰিংৰিচাইকেল ষ্টীলেৰে নিৰ্মিত হ’ব। এই ৰিংবোৰ ছেইন নদীৰ ওপৰত ১৩৫ বছৰ পুৰণি ঐতিহাসিক ‘আইফেল টাৱাৰ’ৰ দক্ষিণ ফালে স্থাপন কৰা হ’ব। ২৬ জুলাইত সূৰ্যাস্তৰ সময়ত অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত প্ৰায় ১০,৫০০ এথলীটে ফ্ৰান্সৰ ৰাজধানীৰ মাজভাগৰ পৰা ছেইন নদীত নাওঁত বহি ৬ কিলোমিটাৰ (৩.৭ মাইল) যাত্ৰা অতিক্ৰম কৰি যাব। আইফেল টাৱাৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ পেৰিছ অলিম্পিকত আৰু পৰৱৰ্তী সময়ত পেৰালিম্পিকত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব। পেৰিছত অলিম্পিক আৰু পেৰালিম্পিক পদক ঐতিহাসিক স্থানৰ পৰা সংগ্ৰহ কৰা লোৰ টুকুৰাৰে সজ্জিত কৰা হ’ব। পেৰিছ অলিম্পিকৰ পূৰ্বে ৩৩০ মিটাৰ (১,০৮৩ ফুট) দৈৰ্ঘ্যৰ এই লেণ্ডমাৰ্কত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। অলিম্পিক আয়োজকসকলে কৈছে যে আইফেল টাৱাৰ ৰিং স্থাপনৰ কাম এই মাহৰ শেষৰ ফালে আৰম্ভ হ’ব। Share this:FacebookX Related Post navigation শ্বিলঙত ডি এছ চি প্ৰতিভা সন্ধানী ফুটবল প্ৰতিযোগিতা ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলাৰ পোষকতা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ