টেলিকম অপাৰেটৰ ভি-এ নিজৰ ডিজিটেল মনোৰঞ্জনৰ পৰ্টফ’লিঅ’ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাই-ৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই চুক্তিৰ অধীনত যোগ্য প’ষ্টপেইড গ্ৰাহকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ স্পটিফাই প্ৰিমিয়াম সেৱা প্ৰদান কৰা হ’ব। এই অংশীদাৰিত্বৰ জৰিয়তে ভি-ৰ নিৰ্বাচিত ইণ্ডিভিজুৱে আৰু ফেমিলী প’ষ্টপেইড প্লেন ব্যৱহাৰ কৰা গ্ৰাহকসকলে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈয়ে ৩ মাহৰ বাবে স্পটিফাই প্ৰিমিয়ামৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত গ্ৰাহকে কোনো বিজ্ঞাপন নোহোৱাকৈ গান শুনা, অফলাইন ডাউনলোড, আনলিমিটেড স্কিপ আৰু উন্নত মানদণ্ডৰ ৩২০ কেবিপিএছ অডিঅ’ ষ্ট্ৰীমিঙৰ আনন্দ ল’ব পাৰিব। যিসকল যোগ্য গ্ৰাহকে ইয়াৰ পূৰ্বে কেতিয়াও স্পটিফাই ব্যৱহাৰ কৰা নাই, সেইসকলে ভি এপ-ৰ জৰিয়তে এই সুবিধা সক্ৰিয় কৰি ল’ব পাৰিব।

ভি-ৰ ফালৰ পৰা জনোৱা হৈছে যে এই বিনামূলীয়া চাবস্ক্ৰিপশ্বন ৪৫১ টকা, ৫৫১ টকা, ৭৫১ টকা আৰু ১,২০১ টকা (ৰেডএক্স) মূল্যৰ ইণ্ডিভিজুৱেল প’ষ্টপেইড প্লেনসমূহৰ লগতে কিছুমান নিৰ্বাচিত ফেমিলী প’ষ্টপেইড প্লেনত উপলব্ধ হ’ব। ফেমিলী প্লেনৰ ক্ষেত্ৰত কেৱল মুখ্য সদস্যজনে এই সুবিধা পাব। ৩ মাহৰ প্ৰম’চনেল সময়সীমা শেষ হোৱাৰ পিছত গ্ৰাহকসকলে মাহে ১৩৯ টকাৰ বিনিময়ত ভি-ৰ এড টু বিল সুবিধাৰ জৰিয়তে এই স্পটিফাই প্ৰিমিয়াম সেৱা অব্যাহত ৰাখিব পাৰিব। ভি-ৰ মুখ্য ব্যৱসায়িক বিষয়া অৱনীশ খোছলাই কয় যে এই সহযোগিতাই প্ৰিমিয়াম মনোৰঞ্জনৰ জৰিয়তে গ্ৰাহকৰ ডিজিটেল অভিজ্ঞতাক অধিক উন্নত কৰাৰ ক্ষেত্ৰত কোম্পানীটোৰ লক্ষ্যক প্ৰতিফলিত কৰে। আনহাতে, স্পটিফাই ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অমৰজিৎ বাত্ৰাই কয় যে, এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে স্পটিফাই প্ৰিমিয়ামক গ্ৰাহকৰ বাবে অধিক সহজলভ্য কৰি তোলা আৰু ইয়াৰ লগতে শিল্পী, সৃষ্টিকৰ্তা তথা সংগীত উদ্যোগটোক সহায় কৰা।

স্মাৰ্টফোনৰ বৰ্ধিত ব্যৱহাৰ আৰু উন্নত ম’বাইল সংযোগৰ বাবে গুৱাহাটী আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এনে ধৰণৰ ডিজিটেল মনোৰঞ্জন সেৱাৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গতিকে এই অংশীদাৰিত্বই অঞ্চলটোৰ প’ষ্টপেইড ব্যৱহাৰকাৰীসকলৰ মাজত ভি-ৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। বজাৰ বিশেষজ্ঞসকলৰ মতে, এনে ধৰণৰ প্ৰিমিয়াম মিউজিক ষ্ট্ৰীমিং সেৱাই প্ৰতিষ্ঠানটোৰ পুৰণি গ্ৰাহক ধৰি ৰখাৰ লগতে নতুন গ্ৰাহক আকৰ্ষিত কৰাত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *