ভেনিজুৱেলাৰ উত্তৰ প্ৰান্তত হোৱা বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনত সাহায্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ভাৰতে অপাৰেচন অমিষ্টাদ আৰম্ভ কৰিছে। এই মানৱীয় অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ দুখন চি-১৭ বিমানেৰে এটা ৪১ জনীয়া চিকিৎসা দল, এটা ফিল্ড হাস্পতাল ইউনিট, দৰব, দুটা ভীষ্ম কিউব আৰু প্ৰায় ৩৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।
ভেনিজুৱেলাত দুটাকৈ বিধ্বংসী ভূমিকম্প(ৰিখটাৰ স্কেলত যাৰ প্ৰাবল্য আছিল ৭.২ আৰু ৭.৫)ৰ পাছত ভাৰতে পুনৰবাৰ বিশ্বৰ মঞ্চত প্ৰথম সঁহাৰিদাতা হিচাপে আত্মপ্ৰকাশ কৰিছে। স্পেনিছ শব্দ ‘অমিষ্টাদ’ৰ অৰ্থ হৈছে “বন্ধুত্ব”।
বিদেশ মন্ত্ৰী এছ জয়শংকৰে ২৬ জুনত এক্স (পূৰ্বে টুইটাৰ) একাউণ্টত লিখিছে, “অপাৰেচন অমিষ্টাদ অব্যাহত আছে! ভেনিজুৱেলাৰ ভূমিকম্পৰ পৰৱৰ্তী সাহায্য অভিযানত জৰুৰী সহযোগিতা আগবঢ়াবলৈ আজি ভাৰতীয় বায়ুসেনাৰ দুখন চি১৭ বিমানে উৰা মাৰিছে। এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে ভাৰতীয় সেনাৰ এটা ফিল্ড হাস্পতাল ইউনিট আৰু ৩৫ টনতকৈও অধিক সাহায্য সামগ্ৰী, দৰব আৰু চিকিৎসা সঁজুলি, য’ত দুটা ভীষ্ম কিউব অন্তৰ্ভুক্ত আছে। এই সংকটৰ সময়ত ভেনিজুৱেলা চৰকাৰ আৰু তাৰ জনসাধাৰণক সহায় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”
ভাৰতীয় সেনাৰ চিকিৎসা দলটোৱে শুকুৰবাৰে বিয়লি হিন্দন বায়ুসেনা ঘাটিৰ পৰা ভেনিজুৱেলা অভিমুখে যাত্ৰা কৰে। ভাৰতীয় সেনাৰ বিখ্যাত ৬০ পেৰা ফিল্ড হাস্পতালৰ ৪১ জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দলটোত ৯ গৰাকী সামৰিক চিকিৎসা বিষয়া অন্তৰ্ভুক্ত আছে। দুৰ্যোগ প্ৰৱণ অঞ্চলত আহতসকলক জৰুৰীকালীন চিকিৎসা প্ৰদান, আঘাতৰ ব্যৱস্থাপনা আৰু জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাকৈ এই দলটোক সুসজ্জিত কৰা হৈছে।
অপাৰেচন অমিষ্টাদৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ভাৰতৰ আৰোগ্য মৈত্ৰী প্ৰকল্পৰ অধীনত থলুৱাভাৱে প্ৰস্তুত দুটা অত্যাধুনিক ভীষ্ম কিউবৰ নিয়োজন। ভীষ্ম কিউব হৈছে এটা ভ্ৰাম্যমাণ, অতি কম সময়ৰ ভিতৰত স্থাপন কৰিব পৰা মড্যুলাৰ ফিল্ড হাস্পতাল, যি দুৰ্যোগস্থলীত মাত্ৰ কেইমিনিটমানৰ ভিতৰতে কাৰ্যক্ষম হৈ উঠিব পাৰে। কঢ়িয়াই নিব পৰা ভেণ্টিলেটৰ, অস্ত্ৰোপচাৰৰ সঁজুলি আৰু অক্সিজেন চাপৰ্ট চিষ্টেমেৰে সজ্জিত এই কিউবে একেলগে প্ৰায় ২০০ গৰাকী ৰোগীক জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে।
আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত ভাৰতে জীৱনদায়ী শক্তি হিচাপে থিয় দিয়াৰ এইটোৱে প্ৰথম ঘটনা নহয়। বসুধৈৱ কুটুম্বকম আদৰ্শৰে অনুপ্ৰাণিত হৈ ভাৰতে পূৰ্বেও কেইবাটাও সফল আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্য আৰু দুৰ্যোগ প্ৰশমন অভিযান চলাইছে। ইয়াৰ ভিতৰত ২০২৩ চনত তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ সময়ত, ম্যানমাৰত ঘূৰ্ণীবতাহ মুচাৰ সময়ত আৰু অন্যান্য কেইবাখনো দেশক সংকটৰ সময়ত অতি দ্ৰুত গতিত কৰা সহায়-সাহায্য অন্যতম। ইয়াৰ পূৰ্বে ২০১৫ চনত নেপালত হোৱা ভয়াৱহ ভূমিকম্পৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতীয় বায়ুসেনা আৰু সেনাক মোতায়েন কৰি ভাৰতে বিদেশত এইপৰ্যন্ত আটাইতকৈ ডাঙৰ অসামৰিক সাহায্য অভিযান চলাইছিল। ক’ভিড-১৯ মহামাৰীৰ সময়তো ভাৰতে নিজৰ দেশতে উৎপাদিত ভেকচিন ১০০তকৈও অধিক দেশক বিনামূলীয়াকৈ বা অতি কম মূল্যত যোগান ধৰিছিল।
বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভেনিজুৱেলাৰ এই ভূমিকম্পত বৰ্তমানলৈকে ২৩৫গৰাকীতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪,৩০০তকৈও অধিক লোক আহত হৈছে। এই কঠিন সময়ত দেশখনত সহায়ৰ হাত আগবঢ়াবলৈ ভাৰতে প্ৰায় ১৪,৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰমি উপস্থিত হৈছেগৈ, যিয়ে দুয়োখন দেশৰ মাজত থকা গভীৰ দ্বিপাক্ষিক সম্পৰ্কক প্ৰতিফলিত কৰে আৰু বৈশ্বিক মঞ্চত ভাৰতৰ স্থিতি এক দায়িত্বশীল তথা দয়ালু মহাশক্তি হিচাপে পুনৰ প্ৰতিষ্ঠা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *