২৬ জুনত ফ্লিপকাৰ্টত প্ৰথমবাৰ মুকলিৰ পিছতেই আটাইবোৰ ফোন সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত এআই+ স্মাৰ্টফোনে নিজৰ শেহতীয়াকৈ মুকলি কৰা নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’-ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই ফোন দুটা ২২ জুনত ব্ৰেণ্ডটোৰ ধ্বজাবাহী মুকলি অনুষ্ঠান ইণ্ডিয়াজ গট নোভা-ত উন্মোচন কৰা হৈছিল। প্ৰখ্যাত গেজেট গুৰু ৰাজীৱ মাখনিৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত জনপ্ৰিয় কমেডিয়ান আৰু ইউটিউবাৰ সময় ৰাইনাৰ লগতে এআই+ স্মাৰ্টফোনৰ চিইঅ’ মাধৱ শেঠ উপস্থিত আছিল। এআই+ স্মাৰ্টফোনৰ অ’পেন ৰিভিউ প্ৰগ্ৰেম-ৰ অংশ হিচাপে এই অনুষ্ঠানত আগশাৰীৰ প্ৰযুক্তি সৃষ্টিকৰ্তা, পৰ্যালোচক, সংবাদ মাধ্যমৰ সদস্য আৰু গ্ৰাহকসকলক একত্ৰিত কৰা হৈছিল, যিয়ে ব্ৰেণ্ডটোৰ স্বচ্ছতা আৰু গ্ৰাহক-কেন্দ্ৰিক সামগ্ৰী উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে। গ্ৰাহকৰ এই অভূতপূৰ্ব সঁহাৰিয়ে ক্ৰমবৰ্ধমান নোভা চিৰিজৰ বাবে আন এক মাইলৰ খুঁটি স্থাপন কৰিছে। নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’-ৰ পৰৱৰ্তী বিক্ৰী ৩০ জুনৰ দুপৰীয়া ১২ বজাৰ পৰা ফ্লিপকাৰ্টত আৰম্ভ হ’ব। প্ৰথমবাৰৰ বাবে ৫জি স্মাৰ্টফোন ব্যৱহাৰ কৰিব বিচৰা গ্ৰাহকৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰৰ বাবে উন্নত কাৰ্যক্ষমতাসম্পন্ন স্মাৰ্টফোন বিচৰা বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এই ফোন দুটা প্ৰস্তুত কৰা হৈছে। ভৰসাযোগ্য হাৰ্ডৱেৰৰ সৈতে এণ্ড্ৰইড ১৬-ভিত্তিক নেক্সটকোৱাণ্টাম অএছ-ৰ সংমিশ্ৰণেৰে এই ফোন দুটাই গ্ৰাহকক এক চফ্টৱেৰ অভিজ্ঞতা, নিৰ্ভৰযোগ্য কাৰ্যক্ষমতা আৰু দীৰ্ঘস্থায়ী বেটাৰী লাইফ প্ৰদান কৰিব। গ্ৰাহকৰ এনে সঁহাৰি সন্দৰ্ভত মন্তব্য কৰি এআই+ স্মাৰ্টফোনৰ চিইঅ’ তথা নেক্সটকুৱাণ্টাম শ্বিফ্ট টেকন’লজিৰ প্ৰতিষ্ঠাপক মাধৱ শেঠে কয় যে: “নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’-ৰ প্ৰতি পোৱা সঁহাৰিয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে। প্ৰথম বিক্ৰীতেই দুয়োটা ডিভাইচ সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱা কাৰ্যই আমাৰ এই বিশ্বাসক অধিক দৃঢ় কৰি তুলিছে যে গ্ৰাহকসকলে সুলভ মূল্যত নিৰ্ভৰযোগ্য কাৰ্যক্ষমতা, আকৰ্ষণীয় ডিজাইন আৰু এক উন্নত চফ্টৱেৰ অভিজ্ঞতা প্ৰদান কৰা স্মাৰ্টফোন বিচাৰে। ” নভা ২ নিঅ’ ফোনটোত মিডিয়াটেক ডাইমেনচিটী ৬৩০০ ৫জি প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত আছে ১২০ হাৰ্টজৰ এইছডি+ ডিছপ্লে’, ৬০০০ এমএএইচ বেটাৰী আৰু এণ্ড্ৰইড ১৬-ভিত্তিক নেক্সটকোৱাণ্টাম অএছ। আনহাতে, মিডিয়াটেক ডাইমেনচিটী ৭১০০ প্ৰচেছৰযুক্ত নভা ২ প্ৰ’ ফোনটোত আছে ১৪৪ হাৰ্টজৰ এফএইছডি+ ডিছপ্লে’। দুয়োটা ডিভাইচতে ফাষ্ট চাৰ্জিং আৰু প্ৰিমিয়াম ডিজাইনৰ সৈতে ৪৮ মেগাপিক্সেলৰ ছনী আইএমএক্স৫৮২ কেমেৰা সন্নিৱিষ্ট কৰা হৈছে। Share this:FacebookX Related Post navigation অৱসৰৰ প্ৰস্তুতি এতিয়াও অতি নিম্ন পৰ্যায়ত, দীৰ্ঘায়ুৰ বাবে বৃদ্ধি পাইছে বিত্তীয় উদ্বেগ : অধ্যয়ন ভেনিজুৱেলা সংকট: বিশ্বৰ প্ৰথম প্ৰতিক্ৰিয়াশীল হিচাপে “বসুধৈৱ কুটুম্বকম”ৰ বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতে