বেদান্তা গ্ৰুপে  সোমবাৰে বোম্বাই ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত একেলগে চাৰিটা নতুনকৈ পৃথক হোৱা কোম্পানী তালিকাভুক্ত কৰি নতুন কৰ্পৰেট ইতিহাস ৰচনা কৰিলে, যি ভাৰতৰ কৰ্পৰেট খণ্ডৰ অন্যতম বৃহত্তম পুনৰ্গঠন প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈছে।নতুনকৈ তালিকাভুক্ত হোৱা প্ৰতিষ্ঠানসমূহ— বেদান্তা এলুমিনিয়াম, বেদান্তা অইল এণ্ড গেছ, বেদান্তা আইৰন এণ্ড ষ্টীল আৰু বেদান্তা পাৱাৰ— গ্ৰুপৰ প্ৰধান তালিকাভুক্ত কোম্পানী বেদান্তা লিমিটেড-ৰ সৈতে সমান্তৰালভাৱে ব্যৱসায়িক লেনদেন অব্যাহত ৰাখিব। এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্দিষ্ট খণ্ড-কেন্দ্ৰিক ব্যৱসায় গঢ়ি তোলা আৰু এলুমিনিয়াম, তেল আৰু গেছ, বিদ্যুৎ, লোহা আৰু তীখা, তথা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে ৰণনীতিগত উদ্যোগসমূহৰ শ্বেয়াৰহোল্ডাৰসকলৰ মূল্য বৃদ্ধি কৰা।

তালিকাভুক্তি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই এই ক্ষণক কোম্পানী আৰু ভাৰতৰ ঔদ্যোগিক ভৱিষ্যতৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ কয় যে, নতুনকৈ স্বতন্ত্ৰ হোৱা ব্যৱসায়সমূহ উৎপাদন, আন্তঃগাঁথনি, শক্তি সুৰক্ষা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত দেশৰ আকাংক্ষাক সমৰ্থন কৰিব পৰাকৈ সাজু হৈ উঠিছে। আগৰৱালাই বিশেষভাৱে উল্লেখ কৰে যে, বেদান্তাই বিগত পাঁচ বছৰত ৩০০ শতাংশতকৈও অধিক মুঠ শ্বেয়াৰহোল্ডাৰ ৰিটাৰ্ন প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই নতুন প্ৰতিষ্ঠানসমূহে খনিজ, ধাতু আৰু শক্তি সম্পদৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত চাহিদা আৰু যোগানৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব। কোম্পানীটোৱে নিজৰ ব্যৱসায়সমূহৰ মাজত উচ্চাকাংক্ষী সম্প্ৰসাৰণ পৰিকল্পনাৰ ৰেখাচিত্ৰ দাঙি ধৰে। বেদান্তা এলুমিনিয়ামে উৎপাদন সামৰ্থ্য দুগুণ কৰাৰ লক্ষ্য ৰাখিছে, বেদান্তা অইল এণ্ড গেছে উৎপাদন বৃদ্ধিৰ বাবে প্ৰায় ৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ পৰিকল্পনা কৰিছে, বেদান্তা আইৰন এণ্ড ষ্টীলে উল্লেখনীয় সামৰ্থ্য সম্প্ৰসাৰণৰ লক্ষ্য স্থিৰ কৰিছে, আনহাতে বেদান্তা পাৱাৰে উৎপাদন ক্ষমতা ৪.২ গিগাৱাট-ৰ পৰা ২০ গিগাৱাটলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ অসমতে এই পুনৰ্গঠনে বিনিয়োগকাৰীসকলৰ পৰা তীব্ৰ আগ্ৰহ লাভ কৰিব পাৰে, যিহেতু বেদান্তা অইল এণ্ড গেছে অসম আৰু সমগ্ৰ উঃ-পূবত নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰিছে। বজাৰৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই পৃথক তালিকাভুক্তিয়ে বিনিয়োগকাৰীসকলক অধিক খণ্ড-নিৰ্দিষ্ট বিনিয়োগৰ সুযোগ প্ৰদান কৰিব, যাৰ ফলত ভাৰতৰ দীৰ্ঘম্যাদী বিকাশৰ যাত্ৰাৰ পৰা লাভান্বিত হ’ব বুলি আশা কৰা সম্পদ আৰু আন্তঃগাঁথনি-সংলগ্ন ব্যৱসায়সমূহৰ প্ৰতি আস্থা অধিক বৃদ্ধি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *