কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান (৬১)। কংগ্ৰেছৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ৷ পৰৱুৰ সমষ্টিৰ বিধায়ক সতীছান। এদিন পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে কংগ্ৰেছ হাইকমাণ্ডে সকলো আলোচনা সম্পূৰ্ণ কৰিছে। বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ১০ দিনৰ পাছতেই কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *