চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা ৰাজধানী দিছপুৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে – বৰগাওঁ , আঠগাওঁ, নালাপাৰা, নোৱাগাঁও, পুৰাণগাঁও, লালুংপাম, জয়গাঁও, দেহেনগাওঁ , বৰঘাটচাৰি আৰু জাৰিকুছি । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বৈদ্যুতিক অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি অসমৰ বহু ঠাইৰ দৰে মাৰঙাতো তাৰ বাসিন্দা সকলে অসমীয়া নৱবৰ্ষ বহাগ বিহু আৰু বহাগ মাহটোত যুগ যুগ ধৰি তেঁওলোকৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা বিভিন্ন কাৰ্যসূচী পৰম্পৰাগতভাবে পালন কৰি আহিছে। তাৰ ভিতৰত প্ৰতি বছৰে অসমীয়া নৱবৰ্ষ বা বহাগ বিহুৰ প্ৰাক ক্ষণত তাৰ বাসিন্দাসকলে জাকৈ, খালৈ, প’ল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাৰঙাৰ ঐতিহ্যমণ্ডিত কুছো খোৱা বান বিলত সমূহীয়াভাবে মৎস চিকাৰ কৰি আহিছে । এইবেলিও অঞ্চলটোৰ গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। তাৰ পাছত প্ৰতি বছৰে বহাগ মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহৰ শেষৰটো শনিবাৰে গৰু বিহু পালন কৰা হয়। এইবেলি যোৱা ৯ এপ্ৰিল শনিবাৰে তাত অঞ্চলটোৰ অসমীয়াভাষী সমাজে অতি উলহ – মালহৰে গৰু বিহু পালন কৰা হয়। অঞ্চলটোৰ অগ্ৰণী ব্যক্তি তথা কাৰ্বি ৰাজ পৰিয়ালৰ প্ৰতিনিধি মনীন ৰাজাই জানিবলৈ দিয়া মতে এইবেলিও পূৰ্বৰ দৰে বুঢ়া আমগুৰি আৰু বৰপথাৰ ( বৰপুথ্ৰ ) নামৰ দুটা পথাৰৰ মাজত থকা সৰু জলাশয়ত ৯ মে’ৰ দিনা দহখনকৈ গাঁৱৰ ৰাইজে গৰুক নোৱাই – ধুৱাই অসমৰ দৰে গৰু বিহু পালন কৰে। তাৰ ভিতৰত বুঢ়া আমগুৰি নামৰ ঘাটত পাঁচখন গাওঁ ক্ৰমে – বৰগাওঁ , নোৱাগাওঁ, দেহেনগাওঁ, আঠগাওঁ , জাৰিকুছি আৰু বৰপথাৰ নামৰ ঘাটত পুৰাণগাওঁ, লালুংগাওঁ, নালাপাৰা, জয়গাওঁ, বৰঘাটচাৰি গাঁৱৰ বাসিন্দাসকলে নিজৰ নিজৰ গৰু সমূহক লাউ , বেঙেনা খুৱাই দীঘলতি, মাঘলতি, মাহ, হালধিৰে নোৱাই – ধোৱাই পৰম্পৰাগতভাবে অতি উলহ- মালহৰে গৰু বিহু পালন কৰে। তাৰ বাসিন্দাসকলে ঘৰৰ পৰা পথাৰৰ মাজত থকা নিদিষ্ট ঘাটলৈ গৰুক ধুবলৈ নিয়াৰ সময়ত পুৰুষ – মহিলা নিৰ্বিশেষে অঞ্চলটোৰ লোকসকলে পৰম্পৰাগত বিহু আৰু জনগোষ্ঠীয় নৃত্য গীত গাই আনন্দ উছাহত মচণ্ডল হৈ নৃত্য কৰা পৰিলক্ষিত হয়। তাৰ পাছদিনা অৰ্থাৎ ১০ মেত’ মানু্হ বিহু পালন কৰা হয়। Share this:FacebookX Related Post navigation কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান ইন্ধন সঞ্চয়ৰ বাবে দিল্লী চৰকাৰৰ বিশেষ নিৰ্দেশনা; সপ্তাহত দুদিনকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ অনুমতি