টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত নিজৰ সৰ্বকালৰ সৰ্বোচ্চ বিত্তীয় প্ৰদৰ্শনৰ খতিয়ান দাঙি ধৰিছে। কোম্পানীটোৰ ৰাজহ বাৰ্ষিক ভিত্তিত ৩৮% বৃদ্ধি পাই ১৩,৮৯৬ কোটি টকা হৈছেগৈ আৰু কৰ-পৰৱৰ্তী লাভ (পিএটি) ৫১% বৃদ্ধিৰে ১,১৭৪ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ আছিল ১০,০৮১ কোটি টকা আৰু কৰৰ পৰৱৰ্তী লাভ আছিল ৭৭৬ কোটি টকা। কোম্পানীটোৱে সৰ্বকালৰ সৰ্বোচ্চ ত্ৰৈমাসিক এবিটডা ১,৭৭৯ কোটি টকা হোৱা বুলি উল্লেখ কৰিছে, যি পূৰ্বৰ বছৰৰ ১,২৬০ কোটি টকাৰ তুলনাত ৪১% অধিক। কেঁচামালৰ ক্ৰমবৰ্ধমান মূল্য আৰু গোলকীয় বজাৰৰ অনিশ্চয়তাই উৎপাদন ব্যয় বৃদ্ধি কৰা স্বত্বেও কোম্পানীটোৰ এবিটডা ব্যৱধান ১২.৫% ৰ পৰা ১২.৮% লৈ উন্নত হৈছে। টিভিএছ মটৰে জনোৱা মতে, নিৰ্বাচিত মডেলৰ মূল্য সংশোধন, ব্যয় হ্ৰাস কৰাৰ পদক্ষেপ আৰু উৎপাদনৰ পৰিসৰ বৃদ্ধিৰ জৰিয়তে এই বৰ্ধিত ব্যয়ৰ প্ৰভাৱ আংশিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিটো ব্যৱসায়িক শ্ৰেণীতে বিক্ৰীৰ গতি তীব্ৰ আছিল। সামগ্ৰিকভাৱে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ বিক্ৰী ২৮% বৃদ্ধিৰে ১.৬৩ মিলিয়ন হৈছেগৈ। মটৰচাইকেলৰ বিক্ৰী ১৯% বৃদ্ধিৰে ০.৭৪ মিলিয়ন ইউনিট হোৱাৰ বিপৰীতে স্কুটৰৰ বিক্ৰী ৩৬% বৃদ্ধি পাই ০.৬৮ মিলিয়ন ইউনিট হৈছেগৈ। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় ৩৩% বৃদ্ধিৰে ০.৪৭ মিলিয়ন ইউনিট হৈছে আৰু বৈদ্যুতিক দুচকীয়া বাহনৰ বিক্ৰী ৮৬% বৃদ্ধি পাই ১২৯,৯৪০ ইউনিট হৈছেগৈ। কোম্পানীটোৰ ইভি গ্ৰাহকৰ সংখ্যাই ১ মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে। ইফালে, তিনিচকীয়া বাহনৰ বিক্ৰী ৪৮% বৃদ্ধি পাই ৬৬,৬৯৭ ইউনিট হৈছে।

এই শক্তিশালী প্ৰদৰ্শনে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম অটোম’বাইল বজাৰ গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অঞ্চলটোতে টিভিএছ মটৰৰ স্থিতি অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। স্কুটাৰ আৰু বৈদ্যুতিক বাহনৰ ব্যপক বৃদ্ধিয়ে ডীলাৰশ্বিপসমূহক লাভান্বিত কৰিব, গ্ৰাহকৰ বাবে বাছনিৰ সুযোগ বৃদ্ধি কৰিব আৰু ব্যক্তিগত বাহনৰ ক্ৰমবৰ্ধমান চাহিদাক পূৰণ কৰিব। সমান্তৰালভাৱে ইভি গ্ৰাহকৰ এই ক্ৰমবৰ্ধমান সংখ্যাই ৰাজ্যজুৰি চাৰ্জিং আন্তঃগাঁথনি আৰু আনুষংগিক সেৱাসমূহত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাৰ প্ৰবল সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *