তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ অন্তৰ্গত শিলিখা চাহ বাগিচাৰ সমীপৰ শিলিখা ঘাটৰ নদীত বৃহস্পতিবাৰে সন্ধিয়া এক শোকাৱহ অঘটন সংঘটিত হয়। ঘৰুৱা কন্দলৰ পৰিণতিত নৈৰ বুকুত জাঁপ দিয়া স্বামীক উদ্ধাৰ কৰিবলৈ গৈ পত্নী আৰু জ্যেষ্ঠ ভগ্নীও বৰ্তমান নিখোঁজ হৈ পৰিছে। এই ঘটনাই সমগ্ৰ জিলাখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, শিলিখা চাহ বাগিচাৰ নিবাসী শংকৰ কালান্দী নামৰ ৩৩ বছৰীয়া লোকজনে কোনো ঘৰুৱা বিষয় লৈ সৃষ্টি হোৱা বাক-বিতণ্ডাৰ অন্তত সুৰাৰ ৰাগীত মতলীয়া হৈ হঠাতে শিলিখা ঘাটৰ নদীত জাঁপ দিয়ে। নিজ চকুৰ সন্মুখতে লোকজনে নদীত জাঁপ দিয়া দেখি তেওঁক বচাবলৈ পত্নী অনিতা কালান্দী আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰেজিনা কালান্দী গড়েও লগে লগে নদীৰ প্ৰবল সোঁতত জাঁপ দিয়ে। ইয়াৰ পাছৰে পৰা তিনিওজন লোক নদীৰ বুকুত নিখোজ হৈ পৰে।

স্থানীয় ৰাইজে নদীখনৰ চাৰিওফালে বহুত বিচৰা-খোচৰা কৰে যদিও কোনো সম্ভেদ নোপোৱাত শুকুৰবাৰে পুৱাৰ ভাগত ডুমডুমা আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি ঘটনাস্থলীত ডুমডুমা আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ এক ব্যাপক অভিযান আৰম্ভ কৰে। কেইবাঘণ্টা জোৰা নিৰৱচ্ছিন্ন অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে পত্নী অনিতা কালান্দীৰ মৃতদেহটো নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু শংকৰ আৰু ৰেজিনাৰ কোনো সম্ভেদ লাভ নকৰাত কালি বেলি ডুব যোৱাৰ পিছত অভিযান সাময়িকভাৱে স্থগিত ৰখা হয়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, শংকৰ আৰু অনিতাৰ দুটি কণমানি সন্তান থকাৰ বিপৰীতে ডিগবৈ পাৱৈ চাহ বাগিচালৈ বিয়া হোৱা জ্যেষ্ঠ ভগ্নী ৰেজিনাৰো দুটি সৰু ল’ৰা-ছোৱালী আছে। কিছুদিন পূৰ্বে নিজৰ ৰুগ্ন মাতৃৰ খবৰ লবলৈহে ৰেজিনাই ভাতৃ শংকৰৰ ঘৰলৈ আহিছিল। ইফালে শুকুৰবাৰে এই কৰুণ ঘটনাৰ বুজ ল’বলৈ ঘটনাস্থলীত মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, মাকুম আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰাধা গগৈ, জ্যেষ্ঠ বিজেপি কৰ্মী জীমদাৰ তাঁতী আৰু বাগিচা কৰ্তৃপক্ষ উপস্থিত হয়। আৰক্ষীৰ নিৰ্দেশত এছ ডি আৰ এফে আজি পুৱাৰে পৰা বাকী দুজন লোকৰ সন্ধানত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *