মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে ৰাজধানী দিল্লী। বিগত তিনি দিন ধৰি ৰাজধানীত অব্যাহত আছে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে দিল্লী আৰক্ষী। প্ৰতিবাদত অংশ লোৱা মহিলা প্ৰতিবাদী আৰু প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকৰ সৈতে অশালীন আচৰণৰ অভিযোগত দিল্লী আৰক্ষীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে ছাত্ৰ মহল আৰু সচেতন সমাজ। এই ঘটনাই ৰাষ্ট্ৰীয় ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা আৰু আৰক্ষীৰ ভূমিকাৰ ওপৰতো গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীয়ে যৌন নিগ্ৰহ চলোৱাৰ অভিযোগ উত্থাপন হয়। এগৰাকী ভুক্তভোগী সাংবাদিকৰ ভাষ্য অনুসৰি, প্ৰতিবাদকাৰীক আটক কৰাৰ সময়ত ঘটনাস্থলীত কোনো মহিলা আৰক্ষী উপস্থিত নাছিল। সেই সময়ত এগৰাকী সহকাৰী আৰক্ষী আয়ুক্তক (এচিপি) মহিলা আৰক্ষীৰ অনুপস্থিতিৰ বিষয়ে প্ৰশ্ন সোধাৰ পিছতেই বিষয়াগৰাকীয়ে তেওঁক অশালীনভাৱে স্পৰ্শ কৰাৰ লগতে শাৰীৰিকভাৱে ঠেলা মাৰি আঁতৰাই দিয়ে। এই লজ্জাজনক কাণ্ডৰ পিছত অভিযোগ দাখিল কৰিবলৈ যোৱা সাংবাদিকসকলক সহযোগিতা নকৰাৰ অভিযোগত পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিয়ে। দলৰ নেতা সৌৰভ দাসে কয়, “এচিপি বিবেক ভগতৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ অভিযোগ অনা সাংবাদিকগৰাকীক আৰক্ষীয়ে দেখা কৰিবলৈ দিয়া নাই আৰু এজাহাৰো পঞ্জীয়ন কৰা নাই।” আৰক্ষীয়ে ভুক্তভোগীক সাক্ষাৎ কৰিবলৈ নিদিয়ালৈকে থানাৰ বাহিৰত অৱস্থান অব্যাহত ৰখাৰ কথা স্পষ্ট কৰে নেতৃত্বই। ইফালে, তিনিগৰাকী মহিলা সাংবাদিকৰ তৰফৰ পৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে যৌন নিগ্ৰহৰ অভিযোগ লাভ কৰাৰ কথা দেওবাৰে সামাজিক মাধ্যমৰ জৰিয়তে স্বীকাৰ কৰে নতুন দিল্লী জিলা আৰক্ষীয়ে। কৰ্তব্যৰত সাংবাদিকৰ সৈতে সংঘটিত এনে অসংবেদনশীল আচৰণত গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই। ঘটনা সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় সংস্থাটোৱে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও আৰক্ষীৰ এনে বৰ্বৰ আচৰণক তীব্ৰ গৰিহণা দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে। সমগ্ৰ ঘটনাক লৈ বৰ্তমান ৰাজধানীত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ। Share this:FacebookX Related Post navigation গুৱাহাটীত দ্বিতীয় সংস্কৰণৰ চেখোঁ ইণ্ডিয়ান এয়াৰ ফৰ্চ মাৰাথন ২০২৬ অনুষ্ঠিত চীনক ধূলিসাৎ কৰি এছিয়ান গেমছৰ হকীত ভাৰতীয় মহিলা দলৰ স্বৰ্ণ জয়; মিজোৰামৰ দুই কন্যালৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা লালদুহোমা চৰকাৰৰ