ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই অসমৰ বিভিন্ন জিলাৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰাক লৈ দুটা ভাগত বিভক্ত হৈছে নেটিজেন। একাংশই এই পৰিদৰ্শনৰ সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই দিল্লীৰ পৰা অসমলৈ আহি স্কুল পৰিদৰ্শন কৰাৰ প্ৰয়োজন নাই বুলি সমালোচনা কৰিছে। একে সময়তে চিজেপিৰ দলক বিদ্যালয় পৰিদৰ্শন কৰাত বাধা দিয়াৰো অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। এনে সময়তে এইবাৰ স্থিতি স্পষ্ট কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বিদ্যালয় শিক্ষা বিভাগে কোনো অভিভাৱক, নাগৰিক বা দল-সংগঠনক চৰকাৰী বিদ্যালয় পৰিদৰ্শনত বাধা আৰোপ কৰি কোনো জাননী জাৰি কৰা নাই। সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে, “মই স্পষ্ট কৰি দিব বিচাৰো যে বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়সমূহ পৰিদৰ্শন কৰাত বাধা আৰোপ কৰি কাকো কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা নাই। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এনে বাতৰি সম্পূৰ্ণ অসত্য।” শিক্ষামন্ত্ৰী পেগুৱে কয় যে সাধাৰণ নাগৰিক আৰু অভিভাৱকসকলে বিদ্যালয়লৈ গৈ শৈক্ষিক উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়োৱাটোক বিভাগে সদায় আদৰণি জনায়। কিন্তু এনে পৰিদৰ্শনৰ সময়ত যাতে নিয়মীয়া পাঠদানত কোনো ব্যাঘাত নজন্মে আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নহয়, সেই দিশত সতৰ্ক থাকিবলৈ তেওঁ আহ্বান জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়, “অভিভাৱক আৰু নাগৰিকসকলক আমাৰ বিদ্যালয়সমূহলৈ আহিবলৈ আৰু গঠনমূলক পৰামৰ্শ দিবলৈ সদায় স্বাগতম জনোৱা হৈছে। কিন্তু পৰিদৰ্শনকাৰীসকলে নিশ্চিত কৰিব লাগিব যাতে নিয়মীয়া পাঠদান বিঘ্নিত নহয় আৰু শৈক্ষিক পৰিৱেশ অটুট থাকে।” ইফালে, ভুৱা তথ্য বিয়পোৱাৰ অভিযোগত এগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সামাজিক মাধ্যম হোৱাটছএপত বিদ্যালয় পৰিদৰ্শন নিষিদ্ধ বুলি এক ভুৱা বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত নুৰুল হুছেইন নামৰ এজন ক্লাষ্টাৰ ৰিচৰ্চ চেণ্টাৰ কো-অৰ্ডিনেটৰলৈ (চিআৰচিচি) কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি জনায় শিক্ষামন্ত্ৰীয়ে। উল্লেখ্য যে, ককৰোচ জনতা পাৰ্টিৰ এটা সঁজাতী দলে অসমৰ চৰকাৰী বিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনিমূলক সমস্যাসমূহ পোহৰলৈ অনাৰ লক্ষ্যৰে ‘স্কুল ঠিক কৰো’ অভিযান আৰম্ভ কৰিছিল। এই অভিযানক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে শিক্ষামন্ত্ৰীৰ এই স্পষ্টীকৰণে চৰকাৰী নিৰ্দেশনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰে। Share this:FacebookX Related Post navigation মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৰোৱাৰ দাবী; ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদৰ হুংকাৰ ৰাহুল গান্ধীৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক