ভোট চুৰিৰ অভিযোগ আৰু এছআইআৰ প্ৰসংগক লৈ দেশজুৰি অব্যাহত আছে ৰাজনৈতিক উত্তাপ। এই সময়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ কাৰ্যনিৰ্বাহক সমিতিৰ (চিডব্লিউচি) গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই নিৰ্বাচন আয়োগ আৰু শাসকীয় বিজেপি দলক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰে বিৰোধী দলপতিগৰাকীয়ে। মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাক লৈ প্ৰশ্ন তুলি ৰাহুল গান্ধীয়ে কয়, “মুখ্য নিৰ্বাচন আয়ুক্তই কোনো সুৰক্ষা নোহোৱাকৈ কাম কৰিব নোৱাৰে। জ্ঞানেশ কুমাৰক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰি আহিছে। মুখ্য নিৰ্বাচন আয়ুক্ত যাবই লাগিব। তেওঁৰ পদত্যাগ নিশ্চিত। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই জ্ঞানেশ কুমাৰক পদত্যাগ কৰোৱাব। আমি জনতাৰ মাজলৈ যাব লাগিব। এতিয়া ৮০ শতাংশ লোকেই ভোট চুৰি হোৱা কথাষাৰ সত্য বুলি মানি লৈছে।” ইফালে, ‘ইণ্ডিয়া’ মৰ্চাৰ বৈঠকৰ ঠিক পূৰ্বে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰে কংগ্ৰেছে। বৈঠকত গৃহীত এক বিশেষ প্ৰস্তাৱত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ তাৎক্ষণিক পদত্যাগ, কেইবাখনো ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (এছআইআৰ) স্থগিত ৰখা আৰু তালিকাৰ পৰা কৰ্তন কৰা ১৩ কোটিতকৈ অধিক ভোটাৰৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় দলটোৱে। চিডব্লিউচিৰ প্ৰস্তাৱত স্পষ্টভাৱে অভিযোগ তোলা হয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ স্বাৰ্থতে নিৰ্বাচন আয়োগে এনে নিৰ্লজ্জ ভোট চুৰি কাণ্ড সংঘটিত কৰিছে, যাৰ বাবে সাংবিধানিক গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত দুয়োগৰাকী শীৰ্ষ নেতাৰে পদত্যাগ অপৰিহাৰ্য। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জানিবলৈ দিয়া মতে, বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়া’ মৰ্চাৰ বৈঠকত এই বিষয়টো সজোৰে উত্থাপন কৰা হ’ব। দেশৰ গণতন্ত্ৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে সকলো বিৰোধী দলক একত্ৰিত কৰি ভোট চুৰিৰ বিৰুদ্ধে এক দেশজোৰা গণ-আন্দোলনৰ চূড়ান্ত কাৰ্যসূচী প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লৈছে কংগ্ৰেছে। Share this:FacebookX Related Post navigation নেতাসকল আৰক্ষীৰ জিম্মাত থকাৰ সময়তে চি জে পিৰ অসম ৰাজ্যিক সমিতি গঠন; দলৰ দাবী চৰকাৰী বিদ্যালয় পৰিদৰ্শনত কোনো নিষেধাজ্ঞা নাইঃ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে