বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী গাঁৱৰে বাসিন্দা হাকিমুল কৰিমৰ দ্বিতীয় পত্নী ছাহেবা বিবি বুলি চিনাক্ত কৰা হৈছে। এই নৃশংস হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত স্বামী আৰু তেওঁৰ প্ৰথমা পত্নী। প্ৰাপ্ত খবৰ মতে, ফকিৰাগ্ৰামৰ পাখৰীতলৰ মাহিদ আলীৰ কন্যা ছাহেবা বিবিৰ সৈতে প্ৰায় এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হাকিমুল কৰিম। প্ৰথমা পত্নী থকাৰ পিছতো হাকিমুলৰ এই দ্বিতীয় বিবাহক লৈ ইমানদিনে তিনিও একেটা পৰিয়ালতে বসবাস কৰি আছিল। ছাহেবাৰ পৰিয়ালৰ লোকে উত্থাপন কৰা গুৰুতৰ অভিযোগ অনুসৰি, সন্তানসম্ভৱা ছাহেবা বিবিক স্বামী হাকিমুল আৰু প্ৰথমা পত্নী ফজিলাই পৰিকল্পিতভাৱে হত্যা কৰি মৃতদেহ ঘৰৰ চোতালত পুতি থৈছিল। সোমবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছত বিলাসীপাৰা থানা আৰু লক্ষীগঞ্জ নিৰীক্ষণ চকীৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চোতালৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। তদন্ত প্ৰক্ৰিয়াত সহায় কৰিবলৈ আৰক্ষীৰ ফৰেনছিক দলো ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে আৰক্ষীয়ে ছাহেবাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। ইফালে, যোৱা নিশাৰে পৰা পলাতক হৈ থকা হত্যাকাৰী স্বামী আৰু প্ৰথমা পত্নীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। Share this:FacebookX Related Post navigation গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান