শত্ৰুপক্ষৰ যিকোনো আকাশমাৰ্গৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনী। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিছে অত্যাধুনিক এছ-৪০০ প্ৰতিৰক্ষা প্ৰণালীৰ চতুৰ্থটো স্কোয়াড্ৰন। দেশীয় প্ৰেক্ষাপটত ‘সুদৰ্শন চক্ৰ’ নামেৰে পৰিচিত এই শক্তিশালী ব্যৱস্থাটো ইতিমধ্যে সাগৰীয় পথেৰে আহি ভাৰতত উপস্থিত হৈছে আৰু অতি শীঘ্ৰে ইয়াক এক গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চলত মোতায়েন কৰা হ’ব।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধৰ বাবে এই সামৰিক সঁজুলিটো ভাৰতত উপস্থিত হোৱাত কিছু পলম হৈছিল। প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যুদ্ধৰ বাবে সৃষ্টি হোৱা যোগানৰ ব্যাঘাত এতিয়া সম্পূৰ্ণৰূপে দূৰ হৈছে আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই কাম-কাজ চলিছে।

উল্লেখ্য যে, দেশৰ পশ্চিম আৰু উত্তৰ সীমান্তৰ আকাশমাৰ্গ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ভাৰতে ২০১৮ চনত ৰাছিয়াৰ সৈতে পাঁচটা এছ-৪০০ ৰেজিমেণ্টেল ব্যৱস্থাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াৰ পূৰ্বৰ তিনিটা স্কোয়াড্ৰন ইতিমধ্যে ভাৰতীয় সেনাই লাভ কৰিছে। অহা কেইমাহমানৰ ভিতৰত পঞ্চম তথা অন্তিমটো স্কোয়াড্ৰনো দেশত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতে নিজৰ সামৰিক ভঁৰাল বৃদ্ধিৰ বাবে অতিৰিক্ত এছ-৪০০ ক্ৰয় কৰাৰ পৰিকল্পনাও হাতত লৈছে।

এই প্ৰতিৰক্ষা প্ৰণালীৰ কাৰ্যকাৰিতা অলপতে ‘অপাৰেচন সিন্ধুৰ’ৰ জৰিয়তে প্ৰমাণিত হৈছে। সূত্ৰৰ খবৰ অনুসৰি, এই অপাৰেচনৰ সময়ত এছ-৪০০ ব্যৱস্থাটোৱে ৩০০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ পৰা শত্ৰুপক্ষৰ এটা গুৰুত্বপূৰ্ণ চোৰাংচোৱা বিমান সফলতাৰে ধ্বংস কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

বৰ্তমান ভাৰতে আকাশী সীমা সুৰক্ষিত কৰিবলৈ এক বহুপৰ্যায়ৰ ‘সুদৰ্শন চক্ৰ’ নেটৱৰ্ক গঢ়ি তুলিছে। য’ত দীৰ্ঘ দূৰত্বৰ এছ-৪০০ ৰ লগতে মধ্যম দূৰত্বৰ বৰাক-৮ আৰু ডি আৰ ডি অ’ৰ ‘প্ৰজেক্ট কুশ’ক একেলগে সংযোগ কৰা হৈছে। এই একত্ৰিত প্ৰণালীৰ জৰিয়তে ভাৰতে যিকোনো ড্ৰোন, বিমান, বেলিষ্টিক মিছাইল আৰু হাইপাৰচনিক ভাবুকিৰ যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব।

বিদেশী প্ৰযুক্তিৰ সমান্তৰালভাৱে ভাৰতে নিজাকৈ ‘প্ৰজেক্ট কুশ’ৰ ওপৰতো দ্ৰুতগতিত কাম কৰি আছে। এই থলুৱা প্ৰকল্পটোৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰি তোলাৰ বাবে চেষ্টা চলোৱা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াত ছ’লাৰ ইণ্ডাষ্ট্ৰীজৰ দৰে ঘৰুৱা প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহেও গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *