অৱশেষত অন্ত পৰিল যমুনাৰ বুকুত বিগত এটা সপ্তাহে চলি থকা উদ্ধাৰ অভিযানৰ। নাও দুৰ্ঘটনাত নিখোজ হৈ থকা অন্তিমজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অন্ত পেলোৱা হয় এই উদ্ধাৰ অভিযানৰ। উল্লেখ্য যে উদ্ধাৰকাৰী দলে বিগত এটা সপ্তাহধৰি চলাই থকা উদ্ধাৰ অভিযানৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে উদ্ধাৰ কৰে সন্ধানহীন পংকজ মালহোত্ৰা নামৰ ব্যক্তিজনৰ মৃতদেহ। ইফালে এই অন্তিমটো মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে দুৰ্ঘটনাত মুঠ নিহতৰ সংখ্যা এতিয়া ১৬ জনলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা ১০ এপ্ৰিলত ৩৮ গৰাকী ভক্তসহ এখন নাও ডুব যোৱাৰ ফলত এই শোকাবহ ঘটনাটো সংঘটিত হৈছিল।

মথুৰাৰ জিলা দণ্ডাধীশ চন্দ্ৰ প্ৰকাশ সিঙে এই সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এখন জে চি বি মেচিনেৰে পন্টুন দলং স্থানান্তৰ কৰি থকাৰ সময়তে নাওখনৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই অঘটন ঘটে। নাৱত থকা তীৰ্থযাত্ৰীসকলে বাৰে বাৰে বিপদৰ সংকেত দিয়াৰ পাছতো নাৱৰীয়া আৰু ঠিকাদাৰজনে সেই সতৰ্কবাণীক সম্পূৰ্ণৰূপে উপেক্ষা কৰা বুলি অভিযোগ উঠিছে। চৰম অসাৱধানতাৰ অভিযোগত মথুৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নাৱৰীয়া পাপ্পু আৰু ঠিকাদাৰ নাৰায়ণক।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ৮ গৰাকী তীৰ্থযাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে একাংশই উশাহ-নিশাহৰ সমস্যাত ভুগিছে যদিও বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিবলৈ দিয়ে। পঞ্জাৱৰ লুধিয়ানাৰ পৰা অহা ১৩২ জনীয়া তীৰ্থযাত্ৰীৰ দলটোৰ বাবে এইবাৰৰ বৃন্দাবন যাত্ৰাই কঢ়িয়াই আনিছে চৰম শোকৰ খবৰ। লুধিয়ানাৰ পংকজৰ মৃতদেহটো বিয়লি তেওঁৰ পৰিয়ালক চমজাই দিয়ে প্ৰশাসনে। ইয়াৰ লগে লগে যমুনাত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে চলোৱা এসপ্তাহজোৰা অভিযানৰো সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *