কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব নৱগঠিত ব্যাংগাত্মক ৰাজনৈতিক দল ককৰোচ জনতা পাৰ্টিয়ে। সোমবাৰে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেয়ে এই প্ৰতিবাদৰ কথা ঘোষণা কৰি কয় যে দেশৰ পৰীক্ষা ব্যৱস্থাত দেখা দিয়া ধাৰাবাহিক খেলিমেলিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰ্তমান বিদেশত থকা যুৱনেতাগৰাকী অহা ৬ জুনত ভাৰতলৈ ঘূৰি আহি নতুন দিল্লীত এই আন্দোলনৰ সূচনা কৰিব। সামাজিক মাধ্যমৰ এটা ভিডিঅ’ৰ জৰিয়তে দিপকেয়ে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী আৰু সমৰ্থকসকলক এই প্ৰতিবাদত অংশ ল’বলৈ আহ্বান জনায়। ভিডিঅ’টোত তেওঁ কয়, “ভাৰতীয় সংবিধানৰ পথ অনুসৰণ কৰি সকলোৱে একেলগে শান্তিপূৰ্ণভাৱে শিক্ষা মন্ত্ৰীৰ পদত্যাগ দাবী কৰাৰ সময় এয়া। আমি সকলোৱে ঐক্যবদ্ধভাৱে মাত মাতিলে চৰকাৰে আমাৰ দাবী মানি ল’বলৈ বাধ্য হ’ব।” নেতাগৰাকীয়ে দেশৰ পৰীক্ষা নিয়ন্ত্ৰণ ব্যৱস্থাৰ চৰম ব্যৰ্থতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰৱেশিকা আৰু নিযুক্তি পৰীক্ষাক লৈ সৃষ্টি হোৱা শেহতীয়া বিতৰ্কৰ বিষয়টো উত্থাপন কৰে। দেশৰ প্ৰায় ১ কোটিতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, “আজি বিভিন্ন পৰীক্ষাৰ লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱনক এই ব্যৱস্থাই উপহাস কৰিলে। ইয়াৰ বাবে শিক্ষা মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাটো প্ৰয়োজন।” অভিজিৎ দিপকেয়ে অহা ৬ জুনৰ শনিবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰাই পোনপটীয়াকৈ সমৰ্থকসকলৰ সৈতে সংসদ মাৰ্গ থানা অভিমুখে যাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে। যন্তৰ মন্তৰত এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে আৰক্ষীৰ পৰা অনুমতি বিচৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। সম্পূৰ্ণ গণতান্ত্ৰিক আৰু অহিংস নীতিৰে এই আন্দোলন আগুৱাই নিয়া হ’ব। ইফালে, দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছতে তেওঁ আইনী মেৰপেচ বা গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে বুলি পৰিয়ালৰ লোক চিন্তিত হৈ থকাৰ প্ৰসংগটোও যুৱনেতাগৰাকীয়ে সদৰী কৰে। অৱশ্যে তেনে আশংকাক নেওচি দেশৰ ছাত্ৰ সমাজৰ স্বাৰ্থত তেওঁ নিজৰ সিদ্ধান্তত অটল থকাৰ কথা দোহাৰে আৰু প্ৰশাসনে এই শান্তিপূৰ্ণ কাৰ্যসূচীত সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation পশ্চিম বংগত নতুন ৩৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ; ৪১ জনলৈ বৃদ্ধি শুভেন্দু অধিকাৰী মন্ত্ৰীসভাৰ শক্তি প্ৰাণে মৰাৰ চেষ্টা! আদালতৰ দাৰস্থ হোৱাৰ সিদ্ধান্ত তৃণমূল নেতা অভিষেক বেনাৰ্জীৰ