নৱেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ। ইতিমধ্যেই দুই পৰিয়ালৰ সন্মতিসাপেক্ষে সম্পন্ন হৈ গৈছিল বাগদান পৰ্ব। বিয়াৰ অনুষ্ঠানৰ বাবে বুক কৰা হৈছিল বিলাসী কোটিটকীয়া পেলেচ। কিন্তু জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰাৰ পূৰ্বেই সৰ্বস্ব হেৰুৱাবলগীয়া হ’ল কেতন আগৰৱালাই। বিয়ালৈ আৰু মাত্ৰ পাঁচ মাহ বাকী থকা অৱস্থাত বাগদত্তাৰ জন্মদিন উদযাপন কৰিবলৈ গৈছিল ২৬ বৰ্ষীয় কেতনে। পাহাৰৰ ওপৰত জন্মদিন উদযাপন কৰাৰ সময়ত ফটো তোলাৰ চলেৰে দ খাৱৈত পেলাই কেতনক হত্যা কৰে হ’বলগীয়া পত্নী আৰু তেওঁৰ প্ৰেমিকে। মেঘালয়ৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ দৰেই তদ্ৰুপ এই হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ মহাৰাষ্ট্ৰ। ১৮ জুনত পুনেৰ সমীপৰ লোহাগড় দুৰ্গ অঞ্চললৈ জন্মদিন উদযাপন কৰিবলৈ নিয়াৰ চলতে পাহাৰৰ ওপৰৰ পৰা দ খাৱৈত ঠেলি দি প্ৰেমিক চেতন চৌধুৰীৰ সৈতে মিলি কেতনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে বাগদত্তা ছিয়া গোৱালৰ বিৰুদ্ধে। ঘটনাটোৰ পাছত প্ৰথমে এয়া এক দুৰ্ঘটনা বুলিয়েই দাবী কৰে ছিয়াই। আৰক্ষীৰ আগত দিয়া ভাষ্যত তেওঁ কয় যে ফটো উঠি থকা সময়ত কেতন পিছলি দ খাৱৈত পৰি যায়। প্ৰায় তিনি ঘণ্টা ধৰি চলা উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে কেতনৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু তদন্ত আগবঢ়াৰ লগে লগে সম্পূৰ্ণ সলনি হৈ যায় ঘটনাটোৰ চিত্ৰ। মোবাইলৰ তথ্য, কলৰ নথি আৰু ঘটনাস্থলত উপস্থিত লোকসকলৰ বক্তব্যৰ পৰা একাধিক বিসংগতি পোহৰলৈ আহে। তাৰ পাছতেই ছিয়া গোৱাল আৰু চেতন চৌধুৰীক আটক কৰে তদন্তকাৰীসকলে। আৰক্ষীৰ মতে, ছিয়া গোৱালৰ সৈতে চেতন চৌধুৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল। কেতনক বিয়া কৰিবলৈ অনিচ্ছুক আছিল ছিয়া। সেই সম্পৰ্কৰ বাবেই কেতনক আঁতৰোৱাৰ পৰিকল্পনা কৰা হৈছিল নেকি, সেই বিষয়টো এতিয়া তদন্তৰ আওতাত আছে। তদন্তকাৰীসকলে জনোৱা অনুসৰি, ঘটনাৰ সময়ত লোহাগড় দুৰ্গ অঞ্চলত উপস্থিত আছিল চেতন চৌধুৰীও। দুয়োজনে মিলি কেতনক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ঘটনাটোৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত আছে। উল্লেখ্য যে, কেতন আগৰৱাল আছিল মহাৰাষ্ট্ৰৰ নিৰ্মাণ ব্যৱসায়ী বিশাল আগৰৱালৰ পুত্ৰ। নৱেম্বৰত উদয়পুৰত বিয়াৰ আয়োজন কৰা হৈছিল আৰু অতিথিসকলৰ বাবে বিশেষ ব্যৱস্থাও কৰা হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু বিয়াৰ প্ৰস্তুতিৰ মাজতে সংঘটিত এই ঘটনাই দুয়োটা পৰিয়ালক গভীৰ শোকত পেলাইছে। ইতিমধ্যে ছিয়া গোৱাল আৰু চেতন চৌধুৰীক সাতদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। Share this:FacebookX Related Post navigation প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬ মৰ্মান্তিক! বিয়াৰ এদিন পূৰ্বে কইনাসহ চৰম সিদ্ধান্ত পিতৃ-মাতৃৰ, কৰ্ণাটকত চাঞ্চল্য