অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় শৰাইঘাটৰ যুদ্ধৰ বিৱৰণক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক নতুন সিদ্ধান্ত। হাইস্কুলৰ পাঠ্যপুথিত বৰ্ণনা কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ সহযোগী বাঘ হাজৰিকাৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে কাৰেং চাপৰিত অনুষ্ঠিত দশম মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি তেওঁ ইতিহাসৰ এই অংশটো পুনৰ লিখাৰ বাবে শিক্ষা বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকা নামৰ কোনো যোদ্ধা নাছিল। ইয়াৰ বিপৰীতে মিচিং নেতা মিৰি সন্দিকৈহে সেই সময়ত কামৰূপত মোগলৰ বিৰুদ্ধে যুঁজ দিছিল বুলি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দাবী কৰে। এই ঐতিহাসিক সত্যক পাঠ্যপুথিত সঠিকভাৱে উপস্থাপন কৰাৰ বাবে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰচলিত জনশ্ৰুতি আৰু ঐতিহাসিক বিৱৰণ অনুসৰি ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকা আছিল এজন অসমীয়া মুছলমান যোদ্ধা যিয়ে মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। বৰ্তমানৰ শিৱসাগৰ জিলাৰ গড়গাঁৱৰ ওচৰৰ ঢেকৰীগাঁৱত তেওঁৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মুখ্যমন্ত্ৰীৰ এই নতুন স্থিতিয়ে এতিয়া ৰাজ্যৰ বৌদ্ধিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। ইফালে বিশিষ্ট ইতিহাসবিদ ৰমিলা থাপাৰে পাঠ্যপুথিৰ পৰা কোনো নিৰ্দিষ্ট সময়কাল বা বংশৰ ইতিহাস আঁতৰোৱা কাৰ্যই ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰিব পাৰে বুলি সতৰ্ক কৰি দিছে। কেৰালা সাহিত্য মহোৎসৱত অংশ লৈ তেওঁ ইতিহাসক খণ্ডিত ৰূপত উপস্থাপন কৰাটো বৌদ্ধিকভাৱে অযুক্তিকৰ বুলি মত প্ৰকাশ কৰে। অসম চৰকাৰৰ এই বুৰঞ্জী সংশোধনৰ পদক্ষেপে আগন্তুক সময়ত শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত কেনে প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষণীয়। Share this:FacebookX Related Post navigation চাঞ্চল্যকৰ! আয়কৰ বিভাগৰ তালাচী চলি থকাৰ মাজতে নিজকে গুলীয়াই প্ৰাণ দিলে ব্যৱসায়ীয়ে ‘ৱাউজাৰ্ছ চীজি নেহি চীজিয়াৰ’ প্ৰতিটো বাইটতে ”ওৱাও” ৰ অনুভৱ দিয়াৰ প্ৰতিশ্ৰুতিৰে মুকলি হ’ল চানফিষ্ট ৱাউজাৰ্ছৰ নতুন অভিযান