পথ সুৰক্ষাৰ ক্ষেত্ৰত এক অভিনৱ আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত লায়নিজমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিনামূলীয়া শিশু হেলমেট বিতৰণ অভিযান আৰম্ভ কৰিছে। “শিশুৰ সুৰক্ষা, ভৱিষ্যতৰ ৰক্ষা” শীৰ্ষক এই অভিযানৰ মূল লক্ষ্য হৈছে অভিভাৱক আৰু শিশুসকলৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সচেতনতা বৃদ্ধি কৰা।
এই অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান গুৱাহাটীৰ ভঙাগড়স্থিত হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত হয়, য’ত প্ৰায় ১০০টা শিশু হেলমেট ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই অনুষ্ঠানত লায়ন্স ক্লাব অৱ গুৱাহাটীৰ সভাপতি ৰাজেশ হান্সাৰিয়া, প্ৰকল্প আহ্বায়ক শ্ৰৱণ সাৰাৱগী, কোষাধ্যক্ষ আনন্দ সাৰাফ, দীপক মিট্টাল, দিলীপ সাৰাফ, নৰেশ আগৰৱাল, ভাৰত চৌধুৰীকে ধৰি ক্লাবৰ আন বহু সদস্য উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *