তদন্ত সমিতিৰ প্ৰতিবেদন দাখিলৰ তিনি মাহ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ কোনো চূড়ান্ত সিদ্ধান্ত লাভ কৰা নাই তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই দেওবাৰে এক প্ৰেছ বিবৃতিযোগে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে এই অচলাৱস্থাৰ কথা। উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত যোৱা মে’ মাহতে সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল যদিও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো স্পষ্ট নিৰ্দেশনা প্ৰেৰণ কৰা হোৱা নাই।

শিক্ষা মন্ত্ৰ্যালয়ে ২০২৫ চনৰ ৩১ ডিচেম্বৰত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি উপাচাৰ্য সিঙক তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সকলো দায়িত্বৰ পৰা আঁতৰি ছুটীত থাকিবলৈ নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত আচাৰ্যৰ দ্বাৰা অমৰেন্দ্ৰ কুমাৰ দাসক প্ৰ’-উপাচাৰ্য হিচাপে নিযুক্ত কৰা হয় আৰু তেওঁ ৭ জানুৱাৰীত দায়িত্ব গ্ৰহণ কৰাৰ পাছত শৈক্ষিক কাম-কাজ পুনৰ স্বাভাৱিক হৈ পৰে। তিনি মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ কথা আছিল যদিও সমিতিয়ে মে’ মাহতহে মন্ত্ৰ্যালয়ক প্ৰতিবেদন অৰ্পণ কৰে।

উল্লেখ্য যে, সাংস্কৃতিক প্ৰাণপুৰুষ জুবিন গাৰ্গৰ প্ৰতি অসন্মান প্ৰদৰ্শন, বিত্তীয় অনিয়ম আৰু বিশ্ববিদ্যালয় চৌহদৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ অভিযোগ তুলি বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে চাৰে তিনি মাহ ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে যোৱা ৭ আগষ্টত শিক্ষা মন্ত্ৰ্যালয়ে এক পত্ৰৰ জৰিয়তে উপাচাৰ্য সিঙৰ দৰমহা নিয়মীয়াকৈ মুকলি কৰি দিবলৈ দিয়া নিৰ্দেশক লৈও তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে শিক্ষক সন্থাই।

দীৰ্ঘদিন ধৰি দায়িত্বৰ পৰা আঁতৰি থকা সত্ত্বেও উপাচাৰ্যক সম্পূৰ্ণ দৰমহা প্ৰদান কৰাৰ কোনো আইনী ভিত্তি নাই বুলি মন্তব্য কৰে শিক্ষক সন্থাৰ সভাপতি কুসুম কুমাৰ বণিয়াই। প্ৰতিবেদন দাখিল হোৱাৰ পাছতো বিষয়টো অনিৰ্দিষ্টকালৰ বাবে ওলমি থকা কাৰ্যই শিক্ষানুষ্ঠানখনত গভীৰ অনিশ্চয়তাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি শিক্ষক সন্থাই বিধি অনুসৰি তৎকালীনভাৱে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *