পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা! শ্ৰীভূমি জিলাৰ শ্ৰীগৌৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি এখন ডাম্পাৰ আৰু যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত এক ভয়ংকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ট্ৰেভেলাৰখনৰ কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে একাংশৰ মৃত্যু হোৱাৰো আশংকা কৰা হৈছে।

প্ৰাথমিক তথ্য অনুসৰি, সংঘৰ্ষৰ প্ৰচণ্ড খুন্দাত যাত্ৰীবাহী ট্ৰেভেলাৰখন নিয়ন্ত্ৰণহীন হৈ ঘাইপথৰ পৰা চিটিকি পৰি ওলোট খাই যায়। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ইফালে অনানুষ্ঠানিক সূত্ৰৰ মতে, এই দুৰ্ঘটনাত ইতিমধ্যে দুজন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ তথ্য চৰকাৰীভাৱে ঘোষণা কৰা নাই।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনে ঘাইপথৰ যাতায়তত ব্যাঘাত জন্মোৱাৰ ফলত কিছু সময়ৰ বাবে যান-বাহন চলাচল বন্ধ হৈ পৰে। উল্লেখযোগ্য যে, জৰুৰীকালীন সেৱাই ক্ৰেনৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন আঁতৰাই পথটো স্বাভাৱিক কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে। কি পৰিস্থিতিত এই শোকাবহ ঘটনাটো সংঘটিত হ’ল, সেই সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *