অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰণশিঙা বাজিছে ৰাজ্যৰ আকাশত। বিশেষকৈ শাসকীয় বিজেপিয়ে নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিততে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অনুপ্ৰৱেশ, জনগাঁথনিৰ পৰিৱৰ্তন আৰু শাসনৰ ব্যৰ্থতাক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক এক নতুন মাত্ৰা প্ৰদান কৰে। অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে দলীয় কৰ্মকৰ্তাসকলক বিগত নিৰ্বাচনতকৈ অধিক আসন লাভ কৰিবলৈ তেওঁ আহ্বান জনায়।

ডিব্ৰুগড় আৰু ধেমাজিত আয়োজিত জনসভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাবে কংগ্ৰেছে দশক দশক ধৰি অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰি আহিছে। তেওঁৰ মতে, কংগ্ৰেছৰ শাসনকালত অসমৰ সাতখন জিলাত খিলঞ্জীয়া লোক সংখ্যালঘু হৈ পৰিছে আৰু বৰ্তমানৰ বিজেপি চৰকাৰেহে ১.২৬ লাখ একৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ উজনি অসমত মিচিং জনগোষ্ঠীৰ দৰে থলুৱা সম্প্ৰদায়ে অনুপ্ৰৱেশকাৰীক ভেটা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ইফালে কংগ্ৰেছ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰি শ্বাহে কয় যে ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলক সদায় অসন্মান কৰি আহিছে। কংগ্ৰেছৰ দিনত ৰাজ্যখনত কেৱল দুৰ্নীতি আৰু অশান্তিৰহে সৃষ্টি হৈছিল বুলি মন্তব্য কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা আন্তঃগাঁথনিমূলক উন্নয়নৰ খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰি অসমক এক সুস্থিৰ আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁ ৰাইজৰ সহযোগিতা বিচাৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক নেতৃত্বৰ সৈতে এক বন্ধ দুৱাৰ বৈঠকত মিলিত হৈ আগন্তুক নিৰ্বাচনৰ বাবে এক বিশেষ একচন প্লেন চূড়ান্ত কৰিছে। আনহাতে অটল বিহাৰী বাজপেয়ীৰ অৱদানৰ কথা স্মৰণ কৰি শ্বাহে পুনৰ দোহাৰে যে উন্নয়ন আৰু সুৰক্ষাই হ’ব বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ মূল আহিলা।

Leave a Reply

Your email address will not be published. Required fields are marked *