সামাজিক মাধ্যমত ৰীল ভিডিঅ’ বনোৱাৰ চখে ৰাজধানী দিল্লীত সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা। ৰীল ভিডিঅ’ৰ বাবে তীব্ৰবেগে বিলাসী বাহন চলাই মটৰ চাইকেল আৰোহীক মহতিয়াই নিলে এজন ১৭ বছৰীয়া কিশোৰে। যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ২৩ বছৰীয়া ছাহিল ধনেশ্ৰা নামৰ এজন মটৰচাইকেল আৰোহীয়ে। দিল্লীৰ দ্বাৰকা দক্ষিণ থানাৰ অন্তৰ্গত লাল বাহাদুৰ শাস্ত্ৰী কলেজৰ সমীপত এই ঘটনা সংঘটিত হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত কিশোৰজনে কোনো বৈধ অনুজ্ঞাপত্ৰ অবিহনেই বাহনখন চলাই আছিল। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, স্কৰপিঅ’খনে প্ৰথমে বিপৰীত দিশৰ পৰা অহা মটৰচাইকেলখনত খুন্দা মাৰি ৰৈ থকা এখন টেক্সীৰ ওপৰত উঠি যায়। এই সংঘৰ্ষৰ ফলত টেক্সী চালকজনো গুৰুতৰভাৱে আহত হয় আৰু তেওঁক আইজিআই হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযুক্ত কিশোৰজনক কৰায়ত্ত কৰি কিশোৰ ন্যায় পৰিষদৰ সন্মুখত হাজিৰ কৰায়। অৱশ্যে দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা চলি থকাৰ বাবে পৰিষদে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। অভিযুক্তক এনেদৰে জামিন দিয়াৰ পাছতে মৃত ছাহিলৰ পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত তিনিওখন বাহন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ডিচিপি অংকিত সিঙে জনোৱা মতে, সমগ্ৰ অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি কিশোৰ চালকজনৰ গাফিলতিৰ তথ্য সংগ্ৰহ কৰা হৈছে। কিশোৰৰ হাতত বাহন তুলি দিয়াৰ বাবে পৰিয়ালৰ লোকৰ বিৰুদ্ধেও তদন্ত কৰা হ’ব। Share this:FacebookX Related Post navigation দক্ষিণ শালমাৰাত আৰক্ষী আৰু BSFৰ সফল অভিযানঃ ১১ হাজাৰ ইয়াবা টেবলেট জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে, গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত তদন্তৰ দায়িত্ব কেন্দ্ৰলৈ হস্তান্তৰ কৰা হৈছে