কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা পাকিস্তান সংযোগৰ অভিযোগৰ তদন্তৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে অসম চৰকাৰে। মঙলবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ইতিমধ্যে ৰাজ্য চৰকাৰে লাভ কৰা তথ্য-প্ৰমাণসমূহ কেন্দ্ৰক হস্তান্তৰ কৰা হৈছে আৰু কেন্দ্ৰীয় সংস্থাই এতিয়া সমগ্ৰ বিষয়টোৰ তদন্ত কৰিব।

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ যি অভিযোগ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছিল, সেই লৈ দীৰ্ঘদিন ধৰি ৰাজ্যত বিতৰ্ক অব্যাহত আছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত এই তদন্তৰ প্ৰয়োজন আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যিহেতু ইয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগসূত্ৰ আছে, সেয়েহে ৰাজ্যিক আৰক্ষীৰ পৰিৱৰ্তে কেন্দ্ৰীয় সংস্থাই তদন্ত কৰাটো বাধ্যতামূলক।

ইয়াৰ পূৰ্বে অসম চৰকাৰে এই সন্দৰ্ভত এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাৰ লগতে তেওঁৰ পত্নীৰো এটা পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে পেছাদাৰী সম্পৰ্ক আছিল। আনকি পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ সৈতেও গগৈ পৰিয়ালৰ যোগাযোগ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে।

ইফালে, এই সকলো অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰি প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত দেখিহে মুখ্যমন্ত্ৰীয়ে এনে চক্ৰান্ত ৰচনা কৰা বুলি গগৈয়ে প্ৰত্যাভিযোগ কৰে। গগৈৰ মতে, মূল সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ চৰকাৰে এতিয়া এনেধৰণৰ ভিত্তিহীন ৰাজনৈতিক ইছ্যুৰ সহায় লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *