আন্তঃৰাজ্যিক সীমান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সোমবাৰে নিশা জব্দ কৰে ১১ হাজাৰ নিষিদ্ধ ইয়াবা টেবলেট। দক্ষিণ শালমাৰা জিলা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এক যুটীয়া অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে দুজন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নিশাৰ আন্ধাৰৰ সুযোগ লৈ জিলাখনৰ সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ জালত পৰে এই চক্ৰটো। এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু বিএছএফে এই অভিযান চলায়। ধৃত সৰবৰাহকাৰী দুজনৰ পৰা ড্ৰাগছখিনিৰ লগতে সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন মটৰচাইকেল আৰু দুটা ম’বাইল ফোনো জব্দ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এই সফলতাক শলাগ লৈ সামাজিক মাধ্যমৰ জৰিয়তে জনায় যে আন্ধাৰৰ সুযোগ লৈ সৰবৰাহৰ চেষ্টা চলোৱা অপৰাধীক আইনৰ পোহৰে কৰায়ত্ত কৰিছে। জানিব পৰা মতে, মেথামফেটামিন আৰু কেফেইনৰ মিশ্ৰণত প্ৰস্তুত কৰা এই ‘ইয়াবা’ টেবলেটসমূহৰ চাহিদা ক’লা বজাৰত যথেষ্ট বেছি। বিশেষকৈ নামনি অসমৰ জিলাসমূহৰ মাজেৰে এই নিষিদ্ধ ড্ৰাগছসমূহৰ সৰবৰাহ এক চিন্তনীয় বিষয় হৈ পৰিছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহতো বিজনীৰ শিয়ালমাৰীত এক অভিযান চলাই প্ৰায় ৪.৫ কোটি টকা মূল্যৰ ৩০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে বৰপেটাৰ হাউলীৰ দুই সৰবৰাহকাৰী ক্ৰমে ছাহিদুল ৰহমান আৰু আনোৱাৰ হুছেইনক আটক কৰা হৈছিল। আৰক্ষীয়ে বৰ্তমান এই নিচা জাতীয় টেবলেটসমূহ ক’ৰ পৰা আনি ক’লৈ নিয়া হৈছিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সীমান্তৰ সিপাৰে সক্ৰিয় হৈ থকা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰৰ সৈতে এই ধৃত লোক দুজনৰ কিবা সম্পৰ্ক আছে নেকি, সেই দিশটোও পৰীক্ষা কৰা হৈছে। ৰাজ্যজুৰি অব্যাহত থকা এনে ড্ৰাগছ বিৰোধী অভিযানে সৰবৰাহকাৰীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত নিৰ্বাচন আয়োগৰ তৎপৰতা, গুৱাহাটীত তিনিদিনীয়া পৰিদৰ্শন ৰীল বনোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা, স্ক’ৰপিঅ’ৰ খুন্দাত যুৱকৰ মৃত্যু