টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ সংখ্যাৰ ফালৰ পৰা ভাৰতৰ শীৰ্ষ বীমাকাৰী প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০২৬ চনৰ গ্লবেল এমডিআৰটি ৰেংকিং অনুসৰি, কামৰূপ(ম) আৰু কোকৰাঝাৰ জিলাৰ পৰা চাৰি গৰাকীকৈ এমডিআৰটি-যোগ্য উপদেষ্টা আছে, আনহাতে কাছাৰ জিলাৰ দুগৰাকী উপদেষ্টাই এই যোগ্যতা অৰ্জন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষত টাটা এআইএ-ই ১,৩৯৭গৰাকী এমডিআৰটি-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি ১৩সংখ্যক স্থান লাভ কৰিছে। এই মুঠ যোগ্যতা অৰ্জনকাৰীসকলৰ ভিতৰত ৬৯৫গৰাকী মহিলা, যি প্ৰতিষ্ঠানটোৰ মুঠ এমডিআৰটি সদস্যৰ প্ৰায় আধা অংশক প্ৰতিনিধিত্ব কৰে। এমডিআৰটি-ক জীৱন বীমা আৰু বিত্তীয় সেৱা বৃত্তিৰ ক্ষেত্ৰত এক গোলকীয় উৎকৃষ্টতাৰ মাপকাঠি হিচাপে গণ্য কৰা হয়। ই উপদেষ্টাসকলক নিজৰ পেচাদাৰী জ্ঞান, নৈতিক আচৰণ, উৎপাদনশীলতা আৰু গ্ৰাহক সেৱাৰ বাবে স্বীকৃতি প্ৰদান কৰে। টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ প্ৰপ্ৰাইটৰী বিজনেছৰ মুখ্য বিতৰণ বিষয়া ৰাকেশ শৰ্মাই কয় যে কোম্পানীটো সমগ্ৰ দেশতে এক ভৱিষ্যতৰ বাবে প্ৰস্তুত উপদেষ্টা নেটৱৰ্ক গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যি বিশ্বাসযোগ্য আৰু প্ৰয়োজন-ভিত্তিক বিত্তীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ সক্ষম হ’ব। তেওঁ কয় যে, এই ধাৰাবাহিক স্বীকৃতিয়ে কোম্পানীটোৰ উপদেষ্টাসকলৰ গুণগত মান, স্থিৰতা আৰু প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। বীমা প্ৰতিষ্ঠানটোৱে লগতে জানিবলৈ দিয়ে যে ৫ৰ পৰা ৯ বছৰ ধৰি এমডিআৰটি যোগ্যতা অৰ্জন কৰা উপদেষ্টাসকলৰ তালিকাতো ২০৭গৰাকী উপদেষ্টাৰে ই ভাৰতৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। টাটা এআইএ-ই যোগ কৰি কয় যে, অ’ৰা প্লেটফৰ্মৰ দ্বাৰা সমৰ্থিত উপদেষ্টা উন্নয়ন কাৰ্যসূচীয়ে এক পূৰ্ণকালীন বিত্তীয় পৰামৰ্শদাতা কেৰিয়াৰ গঢ়ি তুলিবলৈ প্ৰশিক্ষণ, মেণ্টৰশ্বিপ আৰু ডিজিটেল সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোম্পানীটোৱে লগতে কয় যে ২০২৬ বিত্তীয় বৰ্ষত পাঁচটা পাৰ্চিষ্টেন্সী কোহৰ্টৰ ভিতৰত চাৰিটাত প্ৰথম স্থান লাভ কৰিছে, যি শক্তিশালী গ্ৰাহক ধৰি ৰখাৰ ক্ষমতা আৰু দীৰ্ঘম্যাদী পলিচি বাহাল ৰখাটো সূচায়। টাটা এআইএ-ই জনোৱা মতে, ২০২৬ চনৰ ৩১ মাৰ্চলৈকে পৰিচালনাধীন সম্পদৰ পৰিমাণ আছিল ১.৪৬ লাখ কোটি টকা আৰু ২০২৬ বিত্তীয় বৰ্ষৰ বাবে ব্যক্তিগত ডেথ ক্লেইম নিষ্পত্তিৰ অনুপাত আছিল ৯৯.৪৫%। Share this:FacebookX Related Post navigation ৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা