আইটিচি লিমিটেড-ৰ অন্তৰ্ভুক্ত মচলা ব্ৰেণ্ড‘ছানৰাইজ পিয়ৰ-এ গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজিত অম্বুবাচী মেলা ২০২৬ৰ সময়ত নিজৰ ধ্বজাবাহী কাৰ্যসূচী শুদ্ধোৎসৱ আয়োজন কৰে। ২১ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত এই ৬ দিনীয়া সামাজিক জনসংযোগ কাৰ্যসূচীৰ জৰিয়তে ব্ৰেণ্ডটোৱে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ায়।
এই পদক্ষেপৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে প্ৰতিদিনে ৫০০তকৈও অধিক ভক্তক সতেজভাৱে প্ৰস্তুত কৰা খিচিৰি যোগান ধৰে আৰু উৎসৱ থলীত ৩,০০০তকৈও অধিক দৰ্শনাৰ্থীৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্যসূচীয়ে সামাজিক সেৱাক গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ আৰু পবিত্ৰ ধৰ্মীয় সমাৱেশত অংশ লোৱা ভক্তসকলৰ মাজত ব্ৰেণ্ডটোৰ স্থিতি অধিক সুদৃঢ় হয়।
আইটিচি লিমিটেডৰ মচলা শাখাৰ ব্যৱসায়িক মুৰব্বী পীয়ূষ মিশ্ৰই এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি কয় যে, কোম্পানীটোৱে বিশ্বাস কৰে যে গ্ৰাহকৰ সৈতে একেলগে ভাগ-বতৰা কৰা অভিজ্ঞতাবোৰৰ জৰিয়তেহে সম্পৰ্ক মজবুত হয়। তেওঁ কয় যে, শুদ্ধোৎসৱেএই অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত পৰম্পৰাক উদযাপন কৰাৰ লগতে বিনয়েৰে ভক্তসকলক সেৱা কৰাৰ এক সুযোগ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে, এই পদক্ষেপে অৰ্থপূৰ্ণ সেৱা আৰু সামাজিক অংশগ্ৰহণৰ জৰিয়তে গ্ৰাহকৰ সৈতে ব্ৰেণ্ডটোৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিলে।
কোম্পানীটোৰ মতে, এই পদক্ষেপে ছানৰাইজ পিয়ৰৰ গ্ৰাহকৰ আৱেগক স্পৰ্শ কৰা সাংস্কৃতিক অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰাৰ লগতে আস্থা, সেৱা আৰু সমাজৰ মূল্যবোধক প্ৰসাৰিত কৰাৰ নিৰন্তৰ প্ৰয়াসক প্ৰতিফলিত কৰে। ২০২০ চনত আইটিচি লিমিটেডে অধিগ্ৰহণ কৰা ছানৰাইজ পিয়ৰ মচলাৰ ১০০ বছৰতকৈও অধিক পুৰণি ঐতিহ্য আছে আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ গুড়ি মচলা, মিশ্ৰিত মচলা আৰু গোটা মচলাৰ জৰিয়তে সমগ্ৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত এক শক্তিশালী স্থিতি বৰ্তাই ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *