গুৱাহাট নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যৰ জৰিয়তে মানহানি আৰু চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। শেহতীয়া বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কুংকী চৌধুৰীৰ মাতৃ সুজাতাই ড° শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণৰ দিনাই এই পত্ৰখন সামাজিক মাধ্যমত ৰাজহুৱা কৰে। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ এজন বিজেপি নেতাই তেওঁক উদ্দেশ্য কৰি কৰা মন্তব্যই ব্যক্তিগত আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক ‘গো-মাংস ভক্ষণকাৰী’, ‘অ-সনাতনী’ আৰু ‘ভাৰতবিৰোধী কমিউনিষ্ট’ বুলি আখ্যা দিয়াটো সম্পূৰ্ণ ভিত্তিহীন বুলি চৌধুৰীয়ে পত্ৰখনত উল্লেখ কৰে। তেওঁ দাবী কৰে যে কেৱল এটা নিৰ্দিষ্ট আখ্যান গঢ়িবলৈ আৰু নিৰ্বাচনত জয়ী হ’বলৈহে তেওঁৰ বিৰুদ্ধে এনে কটু মন্তব্য কৰা হৈছিল। বিশেষকৈ গো-মাংস ভক্ষণৰ যিখন ফটো ৰাজহুৱা কৰা হৈছিল, সেইখন ডেনভাৰৰ এটা মিউজিয়ামত তোলা বুলি স্পষ্ট কৰি দি তেওঁ ইয়াক এক উদ্দেশ্যপ্ৰণোদিত কাৰ্য বুলি অভিহিত কৰে। সুজাতা গুৰুং চৌধুৰীৰ মতে চৰকাৰী পক্ষৰ এনে স্থিতিয়ে তেওঁৰ নাবালক সন্তানকো বিপদৰ মুখলৈ ঠেলি দিছে। সামাজিক মাধ্যমত নাবালকৰ ছবি ৰাজহুৱা কৰাৰ ফলত পৰিয়ালটোৱে নিৰ্যাতন আৰু সামাজিক গঞ্ছনাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ উপৰিও ‘ভাৰতবিৰোধী’ আখ্যা দিয়াৰ প্ৰসংগত তেওঁ যুক্তি দৰ্শায় যে কোনো এটা প্ৰবন্ধ ৰিটুইট কৰা মানেই কোনো ব্যক্তি দেশদ্ৰোহী হ’ব নোৱাৰে। সংবিধান প্ৰদত্ত ধৰ্মীয় স্বাধীনতা আৰু খাদ্যৰ অধিকাৰৰ কথা সোঁৱৰাই দি তেওঁ কয় যে এই দেশখন যিমানেই শাসনত থকা লোকসকলৰ, সিমানেই সাধাৰণ জনতাৰো। পত্ৰখনৰ শেষৰ ফালে সুজাতা গুৰুং চৌধুৰীয়ে এক বিশেষ হুংকাৰ দিয়ে। তেওঁ জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ আদালতত এক মানহানিৰ গোচৰ তৰিব আৰু ইয়াৰ বিনিময়ত মাত্ৰ ১ টকা ক্ষতিপূৰণৰ লগতে ৰাজহুৱা ক্ষমা বিচাৰিব। ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি এগৰাকী সাধাৰণ মহিলাৰ চৰিত্ৰত দাগ লগোৱাৰ বিৰুদ্ধে এই আইনী যুঁজ অব্যাহত ৰাখিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ দিনাই উত্থাপিত এই গুৰুতৰ অভিযোগে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation এইচ পিয়ে ভাৰতত ২০+ এআই-চালিত ডিভাইচ আৰু সমাধান মুকলি কৰিছে চিলিণ্ডাৰ বিস্ফোৰণে কঁপাই তুলিলে বোকাজান, শিশুৰ মর্মান্তিক মৃত্যু