হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাতত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৌচুমৰাজ মহন্তৰ মৃত্যুৰ ঘটনাৰ ১৬ বছৰৰ পিছত ৰায়দান কৰিলে কামৰূপ সত্ৰ আদালতে। মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনৰ উপাধ্যক্ষ প্ৰসুন গোস্বামী আৰু কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাকৈ জৰিমণা বিহে আদালতে।

২০১০ চনৰ এই মর্মান্তিক ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত শুকুৰবাৰে আমিনগাঁৱস্থিত অতিৰিক্ত সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীৰ আদালতে এই ৰায় প্ৰদান কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৩০৪ ধাৰাৰ অধীনত দুয়োজন শিক্ষকক দোষী সাব্যস্ত কৰা হয়।

উল্লেখ্য যে, ২০১০ চনৰ ২৫ মে’ত মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনত হোমৱৰ্ক নকৰাৰ বাবে খৰ্গহস্ত হৈ পৰিছিল কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিং। বিদ্যালয়তে শিক্ষকজনে বাৰ বছৰীয়া ছাত্ৰ মৌচুমৰাজৰ বাওঁ ভৰিৰ আঁঠুত লাঠিৰে কেইবাবাৰো আঘাত কৰিছিল।

ইয়াৰ পিছত শিক্ষক সিঙে ছাত্ৰজনক বিদ্যালয়ৰ উপাধ্যক্ষ প্ৰসুন গোস্বামীৰ কক্ষলৈ লৈ যায়। উপাধ্যক্ষগৰাকীয়েও ছাত্ৰজনৰ আঁঠুত বেত্ৰাঘাত কৰে। শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা মৌচুমৰাজে ভৰিৰ বিষৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা হয়।

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ছাত্ৰজনক প্ৰথমে মিৰ্জাত চিকিৎসা কৰোৱায়। অৱস্থা অধিক অৱনতি ঘটাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে ছেপ্টিচেমিয়াত আক্ৰান্ত হৈ ২০১০ চনৰ ৭ জুনত মৃত্যু হয় মৌচুমৰাজৰ।

এই ঘটনাৰ পিছতে পলাশবাৰী থানাত দুই শিক্ষকৰ বিৰুদ্ধে ১২৮/২০১০ নম্বৰত গোচৰ ৰুজু হয়। গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত আদালতে ১৮ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে।

ৰায়দানৰ সময়ত আদালতে দুই শিক্ষকৰ কাৰ্যক কঠোৰভাৱে সমালোচনা কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে, দুজন জ্যেষ্ঠ লোকে এটি শিশুক বাৰে বাৰে লাঠিৰে আঘাত কৰাৰ ফলত ছাত্ৰজনৰ মৃত্যু হয়।

ইফালে, অকালতে সন্তান হেৰুওৱা মৌচুমৰাজৰ পিতৃ-মাতৃক ক্ষতিপূৰণ দিয়াৰ বিষয়টো বিবেচনা কৰি কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে আদালতে।

Leave a Reply

Your email address will not be published. Required fields are marked *