অসমৰ তিনিখন প্ৰধান নগৰীক সামৰি আৰম্ভ হৈছে নতুন অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ প্ৰক্ৰিয়া। এই পৰিকল্পনাৰ জৰিয়তে নগৰকেইখনৰ অৰ্থনৈতিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যৎ উন্নয়নৰ দিশসমূহ চিহ্নিত কৰাৰ পদক্ষেপ লোৱা হৈছে।

এই কামত সহায় আগবঢ়াব এছিয়ান ডেভেলপমেণ্ট বেংকে (এডিবি)। গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে চিটি ইকনমিক ৰিজিয়ন ডেভেলপমেণ্ট প্লেন (চিইআৰডিপি) প্ৰস্তুত কৰাৰ লক্ষ্যৰে এডিবিয়ে এক অধ্যয়ন চলাব।

অধ্যয়নটোত নগৰকেইখনৰ অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি, আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা, বিনিয়োগৰ সম্ভাৱনা, নীতিগত সংস্কাৰ আৰু প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হ’ব। ইয়াৰ উপৰিও কৰ্মশক্তিৰ সক্ষমতা, বজাৰৰ সম্ভাৱনা, সম্ভাৱনাময় অৰ্থনৈতিক গোট আৰু নগৰীয়া আন্তঃগাঁথনিৰ বিভিন্ন অভাৱ-অসুবিধাৰো মূল্যায়ন কৰা হ’ব।

এডিবিৰ এই অধ্যয়নত নগৰকেইখনৰ ভৱিষ্যৎ উন্নয়নৰ দিশ নিৰ্ধাৰণৰ বাবে এক তথ্যভিত্তিক ৰোডমেপ প্ৰস্তুতৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। দীৰ্ঘম্যাদী উন্নয়ন কৌশল নিৰ্ধাৰণতো এই তথ্যসমূহ ব্যৱহাৰ কৰা হ’ব।

প্ৰস্তাৱিত পৰিকল্পনাটোৰ ৰোডমেপ সন্দৰ্ভত বুধবাৰে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে মুখ্য সচিব ৰবি কোটা, এডিবিৰ ভাৰতস্থিত আৱাসিক মিছনৰ কান্ট্ৰী ডাইৰেক্টৰ মিঅ’ অকা, ডেলইটৰ প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল।

বৈঠকত পৰিকল্পনাটোৰ বিভিন্ন দিশ আৰু আগন্তুক কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰা হয়। নগৰকেইখনৰ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা মূল্যায়নৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ বিষয়েও মত বিনিময় কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *