ছনী ইণ্ডিয়াই ভাৰতীয় বজাৰত নিজৰ শেহতীয়া ট্ৰু আৰজিবি ডিচপ্লে প্ৰযুক্তিৰ ব্ৰাভিয়া ৯II আৰু ব্ৰাভিয়া ৭II মডেল দুটা মুকলি কৰি প্ৰিমিয়াম টেলিভিছনৰ পৰিসৰ বৃদ্ধি কৰিছে। ২৯ জুনত কৰা ঘোষণা অনুসৰি, ব্ৰাভিয়া ৯II ২০২৬ বৰ্ষৰ বাবে ছনীৰ আটাইতকৈ উন্নত টেলিভিছন হিচাপে পৰিগণিত হৈছে। আনহাতে পূৰ্বতে মুকলি কৰা ব্ৰাভিয়া ৭II মডেলটোতো কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ আৰজিবি ডিচপ্লে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। উন্নত ৰঙৰ সঠিকতা, বিস্তৃত কালাৰ ভলিউম, বৰ্ধিত উজ্জ্বলতা আৰু গভীৰ ক’লা ৰং প্ৰদৰ্শনৰ বাবে ৰঙা, সেউজীয়া আৰু নীলা এলইডি-ক স্বতন্ত্ৰভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ এই দুয়োটা মডেলতে ছনীৰ নিজস্ব আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

এই টেলিভিছনসমূহ এডভান্সড এআই কগ্নিটিভ প্ৰচেছৰ এক্সআৰ, বিম টুইটাৰযুক্ত একোষ্টিক মাল্টি-অডিঅ’+, ডলবী ভিজন, ডলবী এটমছ, ডিটিএছ:এক্স আৰু আইমেক্স এনহেন্সড সমৰ্থিত হোৱাৰ লগতে ইয়াত গুগল টিভি-ৰ সুবিধা আছে। ছনীয়ে জনাইছে যে এআই-চালিত বাৰ্তালাপৰ বাবে এটা ভৱিষ্যতৰ অভাৰ-দি-এয়াৰ ছফ্টৱেৰ আপডেটৰ জৰিয়তে গুগল টিভিৰ বাবে জেমিনি এআই সংযোজন কৰা হ’ব। এই নতুন বিকল্পসমূহত এম্বিয়েণ্ট অপ্টিমাইজেচন, ভইচ জুম ৩, ষ্ট্ৰীমিং প্লেটফৰ্মৰ বাবে ষ্টুডিঅ’ কেলিব্ৰেটেড মুড আৰু মুভি ক্ৰেডিটৰ সৈতে ছনী পিকচাৰ্ছ ক’ৰ-ৰ দৰে সুবিধাসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰাভিয়া ৯II মডেলটো ৭৫ ইঞ্চি আৰু ৮৫ ইঞ্চি সংস্কৰণত উপলব্ধ, আনহাতে ব্ৰাভিয়া ৭II মডেলটো ৫৫ ইঞ্চি, ৬৫ ইঞ্চি, ৭৫ ইঞ্চি আৰু ৮৫ ইঞ্চিৰ স্ক্ৰীনত উপলব্ধ হ’ব। সৰ্বোত্তম ক্ৰয় মূল্য ৫৫ ইঞ্চিৰ ব্ৰাভিয়া ৭IIৰ মূল্য ২,২১,৯৯০ টকা আৰু ৮৫ ইঞ্চিৰ ব্ৰাভিয়া ৯IIৰ প্ৰাৰম্ভিক মূল্য় ৬,৬৯,৯৯০ টকাত উপলব্ধ হ’ব।

এই টেলিভিছনসমূহ সমগ্ৰ ভাৰততে থকা ছনীৰ ৰিটেইল ষ্ট’ৰ, ShopatSC.com, আগশাৰীৰ ইলেক্ট্ৰনিকছ বিপনী আৰু প্ৰধান ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ জৰিয়তে বিক্ৰী কৰা হ’ব। গুৱাহাটী মহানগৰীত এই নতুন মডেলে ছনীৰ উপস্থিতি অসমৰ প্ৰিমিয়াম গ্ৰাহক ইলেক্ট্ৰনিকছ খণ্ডত অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে; য’ত উচ্চ গতিৰ ব্ৰডবেণ্ড আৰু অ’টিটি  ষ্ট্ৰীমিং সেৱাৰ বৰ্ধিত ব্যৱহাৰৰ সৈতে ডাঙৰ স্ক্ৰীনৰ স্মাৰ্ট টেলিভিছনৰ চাহিদাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গুৱাহাটীৰ খুচুৰা বিক্ৰেতাসকলে সমৃদ্ধ পৰিয়াল, হোম এণ্টাৰটেইনমেণ্ট প্ৰেমী আৰু প্ৰিমিয়াম আৱাসিক প্ৰকল্পসমূহৰ পৰা ইয়াৰ প্ৰতি বিশেষ আগ্ৰহ দেখিবলৈ পাব বুলি আশা কৰিছে, কিয়নো গ্ৰাহকসকলে বৰ্তমান অধিক আকৰ্ষণীয় দৰ্শনৰ অভিজ্ঞতা আৰু এআই-চালিত স্মাৰ্ট হোম ডিভাইচৰ অন্বেষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *